Srinkhal Chaliha issue : পুনৰ গ্ৰেপ্তাৰ হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা

By

Published : May 3, 2023, 1:11 PM IST

thumbnail

শিৱসাগৰ, 3 মে’ :  পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক । কাৰাগাৰৰ সন্মুখৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল বীৰ লাচিত সেনাৰ নেতাজনক । অৱশ্যে গ্ৰেপ্তাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই (Srinkhal Chaliha arrested again) । 

শিৱসাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত অহা এটা দলে গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক । ইয়াৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰে কাৰাগাৰৰ চৌহদ ৷ উল্লেখ্য যে, বিহুৰ চান্দা বিচৰাৰ নামত অংকুশ কেডিয়া নামৰ শিৱসাগৰৰ এগৰাকী ব্যৱসায়ীৰ গাত থুৱাই দিয়াৰ অভিযোগ উঠিছিল শৃংখল চলিহাৰ বিৰুদ্ধে ৷ কেডিয়াই শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ (Bir Lachit Sena leader Sringkhal Chaliha) । 

উক্ত এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে চলিহাক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে ৷ তাৰ পিচতেই আদালতৰ পৰা জামিন লাভ কৰে চলিহাই ৷ কিন্তু ৰহস্যজনকভাৱে বুধবাৰে পুনৰ নেতাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Srinkhal Chaliha got bail) ৷

লগতে পঢ়ক : Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.