Bag snatching in Morigaon: আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ পৰাই চিলনী চোৰে থপিয়াই নিলে ধনৰ মোনা

By

Published : Feb 20, 2023, 6:30 PM IST

thumbnail

মৰিগাঁও, 20 ফেব্ৰুৱাৰী: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈছে যদিও আৰক্ষীৰ চকুত ধূলি দি নিতৌ ৰাজ্যত সংঘটিত হৈ আহিছে এনে অপৰাধৰ ঘটনা ৷ এইবাৰ পুনৰ দিন দুপৰতে সংঘটিক হৈছে তেনে এক ডকাইতি কাণ্ড ৷ এইবাৰৰ ঘটনাৰ স্থান মৰিগাঁও (Biker snatched money from a man in Morigaon) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে দুপৰীয়া সময়ত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰে ঘনকান্ত কোচ নামৰ লোকজনে AS21 A 3720 নম্বৰৰ এখন মটৰ চাইকেলেৰে পচতীয়াস্থিত নিজ ভাড়াঘৰলৈ গৈ আছিল ৷ ভাড়াঘৰলৈ গৈ থকা সময়তেই আন এখন মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে কাঢ়ি লৈ যায় ঘনকান্ত কোচৰ হাতত থকা টকা ভৰ্তি বেগটো ৷ বেগটোত আছিল ২ লাখ ৫০ হাজাৰ টকা (Bikers flee after snatching money in Morigaon)।

মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ভাড়াতীয়া হিচাপে থকা কাঁহিবাৰীৰ ঘনকান্ত কোচ নামৰ ভুক্তভোগী গৰাকীয়ে জনোৱা মতে, সোমবাৰে অৰ্থাৎ আজি তেওঁ মৰিগাঁও পঞ্জাৱ নেচনেল বেংকৰ পৰা দুই লাখ পঞ্চাশ হাজাৰ টকা উঠাই নিজ ঘৰ মুখে গৈ আছিল (Robbers fled with bag full of money) ৷ গৈ থকা অৱস্থাতে দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে লোকজনৰ পৰা টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷ ইফালে ঘটনাৰ খবৰ পোৱাৰ পিচতে মৰিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে এনে ঘটনা সংঘটিত হোৱাত একাংশই আৰক্ষীৰ ব্যৰ্থতাৰ ওপৰতো অভিযোগ উত্থাপন কৰিছে (Biker snatched money in Morigaon) ৷ অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মৰিগাঁও নগৰত বিশেষকৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক বুলিও অভিহিত কৰে সচেতন মহলে ৷

লগতে পঢ়ক: Thief arrested in Guwahati: গুৱাহাটীৰ লালমাটিত ৰাইজৰ জালত গভাইত চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.