Bihu Preparation in Assam: ঢোলৰ চেৱত টীয়কত কঁকাল ভাঙি নাচিলে দীপলিনাই

By

Published : Apr 10, 2023, 9:43 AM IST

thumbnail

যোৰহাট, 10 এপ্ৰিল: ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটামান দিন ৷ সমগ্ৰ ৰাজ্যত এতিয়া আপোন বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে বিহু নাচৰ কৰ্মশালা (Rangali Bihu Preparation in Assam) ৷ 

টীয়ক হাইস্কুল খেলপথাৰত চলি থকা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত হ’ল গায়িকা দীপলিনা ডেকা ৷ কৰ্মশালাত নাচনীৰ ৰূপত দেখিবলৈ পোৱা গ’ল দীপলিনাক ৷ এজাক কন কন বহুৱা-বিহুৱতীৰ সৈতে ঢোলৰ চেৱে চেৱে একেলগে কঁকাল ভাঙি নাচিলে দীপলিনাই ৷ উল্লেখ্য যে, সন্মিলিত যুৱ সংঘ টীয়কৰ উদ্যোগত আয়োজন কৰা হৈছিল এই বিহু কৰ্মশালাৰ (Bihu workshop Closing Ceremony at Teok)  ৷ 

বিহু নাচৰ লগতে কেইবাটাও জনপ্ৰিয় গীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে দীপলিনাই ৷ কৰ্মশালাত উপস্থিত হৈ শৈশৱৰ স্মৃতিও ৰোমন্থন কৰে গায়িকাগৰাকীয়ে ৷ লগতে এনে কৰ্মশালাই উঠি অহা প্ৰজন্মক কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব বুলি আশা প্ৰকাশ কৰি উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দীপলিনা ডেকাই (Deeplina Deka Perform at Teok) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.