নাগালেণ্ডত ভাৰত জোড়ো ন্যায় যাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:37 PM IST

thumbnail

যোৰহাট, ১৭ জানুৱাৰী: ভাৰত জোড়ো ন্যায় যাত্ৰাত নাগালেণ্ডত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ওচৰৰ পৰা পাবলৈ জনতাৰ ব্যাপক ভিৰ । ভাৰত জোড়ো ন্যায় যাত্ৰাত নাগালেণ্ডবাসীয়ে সহাৰি জনায় । আজি নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই মোককচাঙত উপস্থিত হয় আৰু ৰাইজে ওচৰৰ পৰা ৰাহুল গান্ধীক প্ৰত্যক্ষ কৰিবৰ বাবে বহু সময় অপেক্ষা কৰে । তাৰ পিছত ৰাহুল গান্ধীয়ে পথৰ কাষত থকা কণ কণ শিশু সকলৰ সৈতে ফটো শ্বটত অংশগ্ৰহণ কৰে ।

বৃহস্পতিবাৰে নাগালেণ্ডৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা অগ্ৰসৰ হ'ব মৰিয়নীলৈ । মৰিয়নীত উপস্থিত হৈ ৰাহুল গান্ধীয়ে মৰিয়নী পুঠিনদী অঞ্চলত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ । মৰিয়নীত কাৰ্যসূচীৰ শেষ কৰি যোৰহাট নগৰলৈ অগ্ৰসৰ হ'ব । সম্ভৱতঃ যোৰহাট নগৰৰ মাৰোৱাৰীপট্টি ৰাইজৰ সৈতে মতবিনিময় কৰিব । তাৰ পিছত নিমাতীঘাটৰ সমীপৰ কুমাৰ গাঁৱত নিশা কটাব ৰাহুল গান্ধীয়ে ।

লগতে পঢ়ক:ৰাহুল গান্ধীৰ এয়াই শেষ অসম ভ্ৰমণ: অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.