ৰাহুল গান্ধীৰ এয়াই শেষ অসম ভ্ৰমণ: অতুল বৰা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 5:46 PM IST

thumbnail

টীয়ক, 17 জানুৱাৰী : "5 খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুলে এক যাত্ৰা আৰম্ভ কৰিছিল ৷ সেয়া এক জয়যাত্ৰা বুলি প্ৰচাৰ হৈছিল ৷ কিন্তু সেই যাত্ৰা জয়যাত্ৰা নহয় পৰাজয় যাত্ৰাহে আছিল ৷ সেই যাত্ৰাটোত মই পৰাজয় যাত্ৰাৰ প্ৰথম পৰ্যায় বুলি অভিহিত কৰিছো ৷ এতিয়াৰ যাত্ৰাটো হ’ব ৰাহুল গান্ধীৰ পৰাজয় যাত্ৰাৰ দ্বিতীয় পৰ্যায় ৷ তেখেতে অন্ততঃ অসমলৈ আহিলে উপলব্ধি কৰিব যে, কংগ্ৰেছ চৰকাৰৰ দিনত এনেদৰে কাম কৰা হয় ৰাজ্যখনৰ অৱস্থা এনেকুৱা নহ’লহেতেন ৷ অসমৰ উন্নয়নৰ এক অন্য ছবি ৰাহুলৰ দেখাৰ সৌভাগ্য হ’ব ৷ তাৰ পিচত মই ভাবো যে তেখেত অসমলৈ আৰু নাহে ৷ এয়া ৰাহুলৰ শেষ অসম ভ্ৰমণ ৷"-বুধবাৰে যোৰহাট জিলাৰ টীয়কত ৰেচন কাৰ্ড বিতৰণ সভাত এই মন্তব্য কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ৷ 

টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাইজক পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰাৰ অংশস্বৰূপে অসম চৰকাৰে যোৰহাট জিলা প্ৰশাসনৰ আতিথ্যত ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, দেৰগাঁৱৰ বিধায়ক ভবেন ভড়ালী, জিলা আয়ুক্ত পুলক মহন্ত, যুৱ নেতা বিকাশ শইকীয়া, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমষ্টিৰ অন্তৰ্গত প্ৰায় 12 হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ।

লগতে পঢ়ক: ন্যায় যাত্ৰা : বেনাৰত একেলগে ৰাহুল-অংকিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.