Bhabesh Kalita Reacted on Internal Conflict : বিজেপিত কোনো ধৰণৰ বিসম্বাদ নাই; ভৱেশ কলিতা

By

Published : May 25, 2023, 2:18 PM IST

thumbnail
()

ৰঙিয়া, ২৫ মে' : ৰাজ্যৰ ঠায়ে ঠায়ে বৰ্তমান বিজেপিৰ আভ্যন্তৰীণ সংঘাত প্ৰকট হৈ পৰিছে (internal conflict in Assam BJP) । নামনিৰ কেইখনমান জিলাৰ লগতে শেহতীয়াকৈ উজনিতো বিজেপিৰ আভ্যন্তৰীণ সংঘাত তথা বিসম্বাদে মূৰ দাঙি উঠিছে (BJP workers internal conflict in Assam) । অসম বিজেপিৰ এই আভ্যন্তৰীণ সংঘাত সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Assam BJP president Bhabesh Kalita) ।

ৰাজ্যৰ বিভিন্ন জিলা তথা ঠায়ে ঠায়ে বিজেপি নেতা-কৰ্মীসকলে পদত্যাগ কৰা সন্দৰ্ভত ভৱেশ কলিতাই মন্তব্য প্ৰকাশ কৰি কয় যে এয়া বিসম্বাদ নহয় । এই সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য, কিছুমানৰ পোৱা-নোপোৱাৰ বেদনা থাকে । তেওঁলোকে বিজেপিৰ হৈ কাম কৰে (Bhabesh Kalita reacted on BJP internal conflict) । কিন্তু অসন্তুষ্ট হ'লেও তেওঁলোকে বিজেপিকে ভোট দিয়ে ।

লগতে ভৱেশ কলিতাই কয় যে কোনোবাই কাৰোবাক বেয়া পাব পাৰে, কিন্তু বিজেপি দলক কোনেও বেয়া নাপায় । সকলোৱে প্ৰাণতকৈ বেছি ভালপায় এই দলটোক । বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিসম্বাদ সন্দৰ্ভত এনে ধৰণে কৌশলপূৰ্ণ মন্তব্য কৰি বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে ।

লগতে পঢ়ক :SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.