BJP meeting at Rangia : এখন ৰাজ্যৰ প্ৰভাৰী হৈ জীতেন্দ্ৰ সিঙে ৰাজ্যখনৰ বিষয়ে জনাটো দৰকাৰ: ভৱেশ কলিতা

By

Published : Jan 10, 2023, 3:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

‘‘জীতেন্দ্ৰ সিঙৰ দলৰ ওপৰত নিজৰ কনচেপচনটো এতিয়াও ক্লীয়াৰ হোৱা নাই । অসমৰ ৰাজনীতিৰ বিষয়ে তেওঁ একো নাজানে । জানিলে হয়তো তেনেকুৱা মন্তব্য নকৰিলেহেতেন । অসমলৈ আহি শিকি লওক, জানি লওক তেওঁলোকৰ দলটো কাৰ লগত আছে ।’’ মঙলবাৰে ৰঙিয়াত আয়োজিত বিজেপিৰ এক দলীয় সভাত অংশ লৈ এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita criticized Jitendra Singh) ৷ লগতে তেওঁ কয়, ‘‘2019 ৰ লোকসভা নিৰ্বাচনতেই (Lok Sabha election 2019) হওক বা 2021 বিধানসভা নিৰ্বাচনতেই (Assembly election 2021) হওক AIUDF এ কেনেকৈ নিজৰ আসন এৰি দি কিদৰে জোঁটবন্ধন হৈ নাওবৈচৰ চিটটো কংগ্ৰেছক এৰি দিছিল ৷ ঠিক তেনেদৰে অন্যান্য সমষ্টিত কংগ্ৰেছৰ হৈ কোনে প্ৰচাৰ কৰিছিল আৰু কংগ্ৰেছে কাৰ হৈ প্ৰচাৰ কৰিছিল, অসম কংগ্ৰেছ প্ৰভাৰী হৈয়ো জীতেন্দ্ৰ সিঙে সেই সন্দৰ্ভত জ্ঞাত নহয় ৷ এখন ৰাজ্যৰ প্ৰভাৰী হ’লে এনেধৰণৰ কথাবোৰো জনাতো উচিত’’ ৷ আনহাতে, পাকিস্তানৰ লগত ৰকিবুল হুছেইনৰ সম্পৰ্ক (Rakibul Hussain relations with Pakistan) থকা সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষক দিয়া লিখিত অভিযোগৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.