Clash between two parties : ধানখেৰৰ দমক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

By

Published : Dec 17, 2022, 12:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ গাঁৱত এটা ধানৰ খেৰৰ দমক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় (Beaten accident at Kalgachia)। এই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হয় তাৰামিঞা নামৰ‌ এজন ব্যক্তি (Clash between two parties in Barpeta)৷ জানিব পৰা মতে এডোখৰ মাটিক লৈ পূৰ্বৰে পৰাই দুটা পক্ষৰ মাজত কাজিয়া চলি আছিল ৷ উক্ত মাটিত তচেৰ আলীৰ পৰিয়ালে ধানৰ খেৰৰ দমক কেন্দ্ৰ কৰি প্ৰথমে কাজিয়াৰ সৃষ্টি হয় । জানিব পৰামতে কৰিম, জাফৰ, মহৰ, ছোৰমানৰ ফৈদে হাতে হাতে লাঠি লৈ লালচান, তাৰামিয়া, ফুলচান আৰু তাছেৰ আলীক কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে । লগে লগে পৰিয়ালৰ লোকে আহত লোককেইজনক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। এই ঘটনা সন্দৰ্ভত তছেৰ আলীৰ পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.