Basistha Panchakayna Dham: মঙলবাৰে বশিষ্ঠৰ পঞ্চকন্যা ধাম উদ্ঘাটন কৰিব মুখ্যমন্ত্ৰীয়ে

By

Published : Jul 3, 2023, 7:34 PM IST

Updated : Jul 3, 2023, 9:23 PM IST

thumbnail

গুৱাহাটী,৩জুলাই: মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব নৱনিৰ্মিত শ্ৰী শ্ৰী পঞ্চকন্যা ধাম ৷ মহানগৰীৰ বশিষ্ঠত পুনৰনিৰ্মাণ কৰা হৈছিল শ্ৰী শ্ৰী পঞ্চকন্যা ধাম । মঙলবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব নৱনিৰ্মিত পঞ্চকন্যা ধামৰ মন্দিৰ গৃহ । লগতে উন্মোচন কৰিব শ্ৰী শ্ৰী পঞ্চকন্যা ধামৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ এক প্ৰতিমূৰ্তি । 

সোমবাৰে গুৰুপূৰ্ণিমা তথা ভৃগুগিৰি মহাৰাজৰ পুণ্য জন্মদিৱস উপলক্ষে পুৱাৰ ভাগৰে পৰা আৰম্ভ কৰা হৈছে গুৰুপূজন তথা ৰুদ্ৰাঅভিষেক । প্ৰতি বছৰৰ দৰে এইবাৰো নৱনিৰ্মিত ধামত অনুষ্ঠিত হৈ আছে ৰুদ্ৰযজ্ঞ ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰুদ্ৰযজ্ঞৰ সামৰণি পৰিব ৭ জুলাই তাৰিখে । উল্লেখ্য যে এই যজ্ঞতেই অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী ভীমাশংকৰ জ্যোতিৰ্লিংগৰ ৰুদ্ৰাঅভিষেক, নৱগ্ৰহৰ পূজাৰ লগতে কুমাৰী পূজা।

লগতে পঢ়ক:Vegetable price in Assam:পাচলিৰ মালা পিন্ধি মহানগৰীত অভিনৱ প্ৰতিবাদ

Last Updated : Jul 3, 2023, 9:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.