Barpeta theft incident:গাড়ী লৈ আহিছিল চুৰি কৰিবলৈ; উঠাই নিলে বক্স পালেং

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:50 PM IST

thumbnail

বৰপেটা, ২৭ ছেপ্টেম্বৰ : এটা ফুল-ফ্লেজেড্ প্লেনিং; সকলোবোৰ চুৰি কৰি অনাৰ ৷ কথা মতেই কাম ৷ গাড়ী লৈ গ’ল চোৰ কৰিবলৈ ৷ সোণৰ অলংকাৰৰ পৰা আৰম্ভ কৰি নগদ ধন, টিভি, ইন্ভাৰ্টাৰ সকলো তুলিলে গাড়ীত ৷ আচৰিত ধৰণে নতুনকৈ বনোৱা বক্স পালেংখনো উঠাই দিলে গাড়ীত ! ইমানৰ পিচত চাগে চাহৰ টেবুল আৰু ৱাশ্বিং মেচিনটো নিবলৈ ঠাইৰ অভাৱ ঘটিল, সেয়েহে গৃহস্থৰ গেটৰ সন্মুখতে এৰি থৈ গ’ল সেই দুপদ সামগ্ৰী ৷

বৰপেটাৰ গণককুছিত ঘটিছে এই চুৰিৰ ঘটনা ৷ চাৰিচকীয়া বাহন লৈ আহি চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে ৷ গণককুছিৰ পৰাণজিৎ পাঠক নামৰ লোকজনৰ ঘৰত সংঘটিত হ’ল এই  চুৰিকাণ্ড ৷ পত্নীৰ চাকৰিসূত্ৰে পৰিয়ালটো ওদালগুৰিত বাস কৰে ৷ অৱশ্যে অহা-যোৱা কৰি থাকে বুলি জানিবলৈ দিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ পিচে ঘৰত কোনো নথকাৰ সুযোগ লৈ মঙলবাৰে নিশা প্ৰায় চাৰিজনীয়া এটা চোৰৰ দলে মাল কঢ়িওৱা চাৰিচকীয়া বাহন লৈ চুৰি কাৰ্য সংঘটিত কৰে ৷

চুবুৰীয়াই বাহনখনত নিশা সামগ্ৰী উঠাই থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত গাড়ী লৈ পলায়ন কৰে চোৰৰ দলটোৱে ৷ ইপিনে নিশাই এই খবৰ লাভ কৰাৰ পিচত পৰিয়ালটো বুধবাৰে আহি উপস্থিত হয় আৰু বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে ৷ পৰিয়ালটোৱে জনোৱা মতে, চোৰে আলমিৰা ভাঙি ডেৰতোলা ওজনৰ সোণৰ হাৰ, চাৰিটা আঙুঠি আৰু নগদ ১০ হাজাৰ টকাসহ আন আন সামগ্ৰীসমূহ লুট কৰি নিয়ে ৷ চাৰিচকীয়া সামগ্ৰী কঢ়িওৱা বাহন লৈ চুৰি কৰিবলৈ অহা ঘটনাটোক লৈ অঞ্চলটেত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এই চুৰিৰ ঘটনাই বৰপেটাৰ ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰা বুলিও স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Kaliabor theft incident: বাৰে বাৰে চুৰি হয় এখন দোকানত;কিন্তু আৰক্ষীয়ে আজিলৈকে নাপালে চোৰৰ সন্ধান!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.