গৰম পানীত পৰি মৃত্যু ডেৰ বছৰীয়া শিশুৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:48 PM IST

thumbnail

কৰিমগঞ্জ, 16 জানুৱাৰী : এটা হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ কৈলাশত ৷ মাকে উতলাই থকা গৰম পানীত পৰি মৃত্যু হয় এটি ডেৰ বছৰীয়া শিশুৰ ৷ লগে লগে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে বচাব নোৱাৰিলে ৷

এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ত্ৰিপুৰা ৰাজ্যৰ উনকোটি জিলাৰ কৈলাশাহাৰৰ মূৰ্তিচাৰা চাহ-বাগিচাত । খবৰ অনুসৰি, মঙলবাৰে পুৱা বাগিচাৰ এজন শ্ৰমিকে গা ধুবলৈ গৰম পানী কৰি আছিল । সেই সময়ত তেওঁৰ ডেৰ বছৰীয়া কন্যা দেৱীকা বাউৰীয়ে ঘৰত খেলি আছিল । খেলি থকাৰ অকস্মাতে ডেৰ বছৰীয়া শিশুটি গৰম পানীত পৰি যায় ।

ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিচত পৰিয়ালৰ লোকে লগে লগে উনকোটি জিলা চিকিৎসালয়লৈ লৈ যায় ৷ তাৰ চিকিৎসকে শিশুটিক আগৰতলা জি বি হাস্পতাললৈ প্ৰেৰণ কৰে । কিন্তু শিশুটিৰ মৃত্যু হ’ল আগৰতলা জি বি হাস্পতালত । পিচত আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালক গতাই দিয়ে কৰ্তৃপক্ষই ।

লগতে পঢ়ক : বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.