ATASU Protest: ONGC ৰ বিৰুদ্ধে ATASU ৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 4:28 PM IST

thumbnail

আমগুৰি,২২ আগষ্ট: আমগুৰিৰ হালোৱাটিঙত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই । টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ‍্যোগত অ' এন জিচিৰ বিৰুদ্ধে হালোৱাটিঙৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ঐতিহাসিক লাহদৈগড়-গেলেকী সংযোগী পথ পুনৰ মেৰামতি তথা বহলীকৰণৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍্যসূচী পালন কৰে সন্থাই ।  

অ'এনজিচি হায় হায়, অ'এনজিচিৰ হেমাহি নচলিব, অ'এনজিচিয়ে পথ মেৰামতি কৰক শ্ল'গানেৰে প্ৰতিবাদী তীব্ৰ কাৰ্যসূচী ৰূপায়ণ কৰে । লাহদৈগড়-গেলেকী সংযোগী পথটো অতিশীঘ্ৰে পুনৰ নিৰ্মাণ আৰু বহলীকৰণ ব‍্যৱস্থা কৰা,পথটোৰ দুয়োকাষে পৰ্যাপ্ত পৰিমাণৰ ষ্ট্ৰীট লাইটৰ ব‍্যৱস্থা কৰা, গ্ৰাম‍্য অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে অঞ্চলৰ যুৱক যুৱতী সকলে সংস্থাপন পোৱাকৈ ONGC ৰ তৰফৰ পৰা আচঁনি ৰূপায়ন কৰা আদি বিভিন্ন দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সন্থাই । 

লগতে পঢ়ক: UNESCO TWAS Fellowship: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সঃ অধ্যাপক ডঃ হেমেন শৰ্মালৈ UNESCO TWAS ফেল’শ্বিপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.