National bravery award: অসমকন্যা নন্দিতা দাসলৈ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা

By

Published : Jan 29, 2023, 4:58 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, 29 জানুৱাৰী: গুৱাহাটীৰ সাহসী কণমানি নন্দিতা দাসলৈ সাহসিকতা বঁটা(Bravery award to Nandita Das) ৷ নতুন দিল্লীত অনুষ্ঠিত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নন্দিতা দাসক প্ৰদান কৰিলে সাহসিকতাৰ বিশেষ বঁটা ৷ উল্লেখ্য যে, নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ পৰিচয় দি অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত হৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল গুৱাহাটীৰ কণমানি নন্দিতা দাস ৷  শনিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা বঁটা(National bravery award 2023) লৈ নন্দিতা দাস গুৱাহাটীৰ গীতানগৰৰ ঔতলস্থিত স্বগৃহত উপস্থিত হোৱাৰ পিচতেই এতিয়া বিভিন্ন অনুষ্ঠান তথা ব্যক্তি বিশেষে জ্ঞাপন কৰিছে সম্বৰ্ধনা ৷ 

স্মৰ্তব্য যে, গীতানগৰৰ পিণ্টু দাস আৰু লিপিকা দাসৰ কন্যা নন্দিতা দাস আৰু তেওঁৰ ভাতৃক 2021 চনৰ 27 নৱেম্বৰত বিদ্যালয়লৈ গৈ থকাৰ সময়ত গীতানগৰৰ ‘আমাৰ পথ’ৰ সমীপত বগা ৰঙৰ মাৰুতি ভেনত অহা দুজনীয়া দুৰ্বৃত্তই চকলেট দিয়াৰ প্ৰলোভনেৰে অপহৰণৰ চেষ্টা চলাইছিল ৷ কিন্তু 9 বছৰীয়া নন্দিতাই নিজৰ বুদ্ধিমত্তাৰে নিজৰ লগতে ভাতৃকো অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিচতেই সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল নন্দিতা দাসৰ নাম ৷ নন্দিতা দাস মহানগৰীৰ গীতানগৰস্থিত প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৷

নন্দিতা দাসৰ এনে সাহসিকতাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰৰ শিশু কল্যান পৰিষদে নন্দিতা দাসক সাহসিকতাৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰে ৷ আনহাতে, নন্দিতা দাসৰ লগতে অসমৰ উত্তম তাঁতি নামৰ আন এটি 13 বছৰীয়া শিশুলৈয়ো আগবঢ়োৱা হয় এই সাহসিকতা বঁটা(Bravery award to Uttam Tanti) ৷  ঢেকীয়াজুলিৰ উত্তম তাঁতিয়ে 2019 চনৰ বানপানীৰ সময়ত বাঢ়নী পানীত জঁপিয়াই এগৰাকী মহিলাৰ লগতে মহিলাগৰাকীৰ 5 বছৰীয়া কণমানিৰ জীৱন ৰক্ষা কৰিছিল ৷ এই বৰ্ষত দেশৰ 17খন ৰাজ্যৰ 56টি শিশুলৈ আগবঢ়োৱা হয় সাহসিকতাৰ বিশেষ বঁটা ৷ 1957 চনত পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল সাহসিকতাৰ এই বিশেষ বঁটা ৷ 

লগতে পঢ়ক: Human Trafficking in Dibrugarh: কিশোৰী সৰবৰাহৰ সময়তে আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.