ETV Bharat / state

Human Trafficking in Dibrugarh: কিশোৰী সৰবৰাহৰ সময়তে আৰক্ষীৰ জালত পৰিল দুই সৰবৰাহকাৰী

author img

By

Published : Jan 29, 2023, 2:18 PM IST

Human Trafficking in Dibrugarh
নাৰী সৰবৰাহকাৰী আৰক্ষীৰ জালত

লাহোৱাল আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী (Human Trafficker arrested in Dibrugarh) ৷ তিনিগৰাকী কিশোৰীক উদ্ধাৰ ৷ জব্দ এখন বিলাসী বাহন ৷

নাৰী সৰবৰাহকাৰী আৰক্ষীৰ জালত

ডিব্ৰুগড়, 29 জানুৱাৰী : ৰাজ্যত বৰ্তমানেও চলি আছে নাৰী সৰবৰাহৰ দৰে অপৰাধৰ ঘটনা (Women trafficking in Assam)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অপৰাধজনিত ঘটনা ৰোধৰ বাবে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰি থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যত চলি থকা নাৰী সৰবৰাহৰ দৰে ঘটনা । শনিবাৰে নিশা লাহোৱাল আৰক্ষীৰ জালত পৰিল দুই নাৰী সৰবৰাহকাৰী । লাহোৱাল আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি চলাইছিল অভিযান (Women Trafficker arrested in Dibrugarh) ৷

ডিব্ৰুগড় জিলাৰ জয়পুৰৰ তিনিগৰাকী কিশোৰীক বহিঃ ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে বাংগালুৰুলৈ লৈ যোৱাৰ মুহূৰ্তত লাহোৱাল ৰেল ষ্টেচনৰ পৰা লাহোৱাল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰী কেইগৰাকীক । ধৃত যুৱক দুজনকো লাহোৱাল ৰে'ল ষ্টেচনৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয় লাহোৱাল আৰক্ষীয়ে । ধৃত যুৱক দুজন নাহৰকটীয়াৰ হেমন্ত গগৈ আৰু বুধিন গগৈ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ নাহৰকটীয়াৰ হেমন্ত গগৈ আৰু বুধিন গগৈৰ নেতৃত্বত বহিঃ ৰাজ্যলৈ যুৱতী সৰবৰাহৰ এই ভয়ংকৰ কাৰ্য চলি আছে বুলি স্থানীয় সূত্ৰৰ পৰা জানিবলৈ পৰা গৈছে ।

ধৃত যুৱক কেইজনৰ লগতে লাহোৱাল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এখন বিলাসী বাহন । আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ নম্বৰ হৈছে AS 23 F 7761 । লাহোৱাল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নিশা লাহোৱাল ৰে'ল ষ্টেচনত বাংগালুৰু অভিমুখে যাত্ৰা কৰিবলগীয়া তিনি গৰাকী কিশোৰীৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে তিনিওগৰাকীকে থানালৈ লৈ আহে । ইয়াৰ পাচতে কিশোৰী কেইগৰাকীক সোধ পোছ কৰাৰ অন্তত পোহৰলৈ আহে ভয়ানক তথ্য (Human Trafficking in Dibrugarh) ।

আৰক্ষীয়ে কিশোৰী কেইগৰাকীৰ পৰা ধৃত যুৱক কেইজনৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি অনুসন্ধান চলোৱাত লাহোৱাল ৰে'ল ষ্টেচনৰ সমীপৰ পৰা ধৃত যুৱক কেইজনক আটক কৰিবলৈ সক্ষম হয় লাহোৱাল আৰক্ষীয়ে । অধিক তথ্যৰ বাবে ধৃত যুৱক কেইজনৰ সৈতে আৰক্ষীয়ে জেৰা অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিছে লাহোৱাল আৰক্ষীয়ে ।

উল্লেখ্য যে, ৰাজ্যত সম্প্ৰতি অতি সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ একাংশ দুষ্ট চক্ৰই ধন, কৰ্মসংস্থাপনৰ লগতে প্ৰেমৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ অসমৰ কিশোৰী-মহিলা সৰবৰাহ কৰি অহাৰ খবৰে প্ৰায়ে সংবাদ শীৰ্ষ দখল কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Chandrapur elephant attack: পুত্ৰ জন্মদিনৰ দিনাই হাতীৰ গচকত মৃত্যু অভিযন্তা পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.