বাহন চলাওঁতে পথ সুৰক্ষাৰ নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান মন্ত্ৰী শুক্লবৈদ্যৰ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:27 PM IST

thumbnail

মিৰ্জা, ২০ নৱেম্বৰ: ৰাজ্যৰ ভিতৰতে সৰ্বাধিক পথ দুৰ্ঘটনাত সংঘটিত হোৱা ৫ খন জিলাৰ ভিতৰত কামৰূপ জিলা অন্যতম । পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে আমিনগাঁৱৰ পৰা আৰম্ভ কৰা হৈছে ৰাজ্যজোৰা সজাগতামূলক বাইক ৰেলী । পথ সুৰক্ষাৰ উদ্দেশ্যে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত আৰম্ভ হৈছে এই ৰাজ্যজোৰা বাইক ৰেলী । 

এই বাইক ৰেলী সোমবাৰে মিৰ্জাত উপস্থিত হয় । পৰিবহন মন্ত্ৰীয়ে নিজে বাইক চলাই উপস্থিত হয় মিৰ্জাত । পথ দুৰ্ঘটনাত নিহত ব্যক্তিক শ্ৰদ্ধা নিবেদন কৰি সকলোকে পথ সুৰক্ষাৰ নীতি সমূহ মানি চলিবলৈ আৰু গতিবেগৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা কৰি নিজৰ লগতে আনৰো জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । এই বাইক ৰেলীয়ে ৰাজ্যখনত প্ৰায় ৩০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ মাজত পথ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰিব । এই সমগ্ৰ পথ যাত্ৰাত মন্ত্ৰীগৰাকীয়ে নিজে মটৰ চাইকেল চলাই ৰাইজক সজাগ কৰিব ।

লগতে পঢ়ক: আমি আমাৰ যুৱশক্তিক কেনেধৰণে নিয়োগযোগ্য কৰিব পাৰো সেয়াহে মূল কথা: ৰণোজ পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.