Assam sok divas observed in Dhemaji:ধেমাজিত শোক দিৱস পালন

By

Published : Aug 16, 2023, 5:56 PM IST

thumbnail

ধেমাজি, 16 আগষ্ট : ৰাজ্যিক শোক দিৱসৰ দিনটোত ধেমাজিত ১৩ শ্বহীদক সোঁৱৰণ কৰা হয় ৷ ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত আৰু ধেমাজি মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হয় এই শোক দিৱস ৷ ২০০৪ চনৰ স্বাধীনতা দিৱসত দুষ্কৃতিকাৰীৰ বোমা বিষ্ফোৰণত নিহত শ্বহীদসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই সাংসদ প্ৰদান বৰুৱাই ৷ লগতে পৰিয়ালৰ সদস্যসকলে প্ৰতিমূৰ্ত্তিৰ সন্মুখত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায় ।

পুষ্পাঞ্জলিৰ পিচতেই সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয় ৷ অনুষ্ঠানস্থলীত সকলোৱে ক’লা বেজ পৰিধান কৰি শোক দিৱস পালন কৰে লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰে ৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি সাংসদ প্ৰদান বৰুৱাই প্ৰসংগত কয় যে এনেধৰণৰ কাৰ্যসূচী পালন অতি জৰুৰী এই কাৰণেই যে দুষ্কৃতিকাৰীসকল যাতে এনে কাৰ্যৰ পৰা বিৰত থাকে ৷ কেন্দ্ৰীয় চৰকাৰে আইনৰ ক্ষেত্ৰত কঠোৰ স্থিতি লোৱাৰ পোষকতা কৰিছে বুলি সাংসদজনে উল্লেখ কৰে ৷ শোক দিৱস কাৰ্যসূচীত উপস্থিত থাকে জিলা আয়ুক্ত অংকুৰ ভৰালী, উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকনকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি ৷ লগতে ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Independence Day 2023: জোনাইত স্বাধীনতা দিৱস উপলক্ষে সাংবাদিক আৰু প্ৰশাসনিক বিষয়া কৰ্মীৰ ফুটবল খেল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.