AP Vigilance Raid : ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ

By

Published : Oct 21, 2022, 1:05 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ (AP Vigilance Raid in Dibrugarh DTO residence) । ১৯ ছেপ্টেম্বৰত পৰিবহণ বিষয়া কাৰ্যালয়ত উৎকোচ লৈ থকা অৱস্থাত দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক (Assam Police Vigilance and Anti Corruption Branch) শাখাৰ দলে গ্ৰেপ্তাৰ কৰি উক্ত নিশা দীতিমণি গগৈৰ পি এন ৰোডৰ বাসগৃহত অভিযান চলাই ৯ লাখ ৩০ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰিছিল‌ । দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দীতিমণি গগৈক মাৰাথন জেৰা আৰু সোধা-পোছাৰ অন্তত আজি বৈৰাগীমঠত থকা DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান চলোৱা হয় । বৰ্তমানলৈকে অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.