এন আৰ এলত অসম বিধানসভাৰ আইন প্ৰণয়ন সমিতিৰ বিশেষ পৰ্যবেক্ষণ

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 4:15 PM IST

thumbnail

গোলাঘাট, 24 নৱেম্বৰ : পৰিৱেশ প্ৰকৃতিৰ প্ৰতি সজাগ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া । কাজিৰঙা, দেওপাহাৰ, নুমলীগড় আদি অঞ্চল প্ৰদূষণমুক্ত কৰাৰ সংকল্প বিধায়কগৰাকীৰ । শুকুৰবাৰে অসম বিধানসভাৰ আইন প্ৰণয়ন সমিতিৰ এটা দলে নুমলীগড় শোধনাগাৰ পৰ্যবেক্ষণ কৰে । 

বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে নুমলীগড় শোধনাগাৰৰ গাতে লাগি থকা পংকা গাঁৱৰ চেঙামৰাজান প্ৰত্যক্ষ কৰে । শোধনাগাৰৰ পৰা এৰি দিয়া পানী চেঙামৰা নামৰ এটা জানেৰে কালিয়নী নদীত পৰে । উক্ত দিশটো প্ৰত্যক্ষ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত কিদৰে আগবাঢ়িব পাৰি তাৰ পৰ্যালোচনা কৰে মৃণাল শইকীয়াৰ নেতৃত্বত যোৱা দলটোৱে ।

উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰটো সম্প্ৰসাৰণৰ লগে লগে প্ৰদূষণৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই উক্ত বিশেষ দলটোৱে সামগ্ৰিক দিশটো শোধনাগাৰৰ বিষয়াৰ লগত আলোচনা কৰে । ভৱিষ্যতৰ দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হৈ পৰিব ৷

লগতে পঢ়ক : এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা, দায়িত্ব সকলোৰে আছে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.