ওদালগুৰিৰ উদ্যোগী টেনজিং বড'ছালৈ অসম গৌৰৱ বঁটা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:48 PM IST

thumbnail

ওদালগুৰি, ১৭ জানুৱাৰী: সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব 'অসম গৌৰৱ বঁটা' । এই বঁটাৰ তালিকাত অন্তৰ্ভূক্ত হ'ল অসমৰ পৰ্যটন উদ্যোগী ওদালগুৰি জিলাৰ সুসন্তান টেনজিং বড'ছা । বিগত ২০ বছৰ ধৰি জৈৱিক প্ৰক্ৰিয়াৰে চাহ খেতি কৰি এক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে টেনজিং বড'ছাই । লগতে প্ৰকৃতিৰ সৈতে কেনেদৰে মানুহে বাস কৰিব লাগে বা প্ৰকৃতিক‌ কেনেদৰে জীয়াই ৰাখিব লাগে তাৰ ওপৰতো কাম কৰি আহিছে টেনজিং বড'ছাই ।

এইগৰাকী বিশিষ্ট চাহ খেতিয়ক আৰু পৰ্যটন উদ্যোগীয়ে অসম গৌৰৱ বঁটা লাভ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ প্ৰকৃতিক ভাল পায় আৰু সেই বাবে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি যাবলৈ সংকল্পবদ্ধ । তেওঁ প্ৰকৃতিক সজাই সমাজৰ বাবে কাম কৰিব বুলি কয় ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ' বটাসমূহ ঘোষণা কৰে ।উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈলৈ এইবাৰ ৰাজ্য চৰকাৰে আগৱঢ়াইছে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ বঁটা' ।  

লগতে পঢ়ক:বৰপেটাৰ বাঁহ-বেতৰ শিল্পী মানেন্দ্ৰ ডেকালৈ অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.