সাংসদ নিলম্বন তথা সদনৰ নিৰাপত্তা ভংগৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ৰাজীৱ ভৱনৰ চৌহদ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:54 PM IST

thumbnail

গুৱাহাটী, ২২ ডিচেম্বৰঃ সংসদৰ নিৰাপত্তাৰ প্ৰসংগ আৰু সদনত বিৰোধীৰ ১৪২ গৰাকী সাংসদক নিলম্বন কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

গণতন্ত্ৰত ওপৰত কালিমা সনাৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰেকুবুদ্দিন আহমেদকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

গণতন্ত্ৰ ৰক্ষা কৰক, বিজেপি চৰকাৰ গ' বেক, সংসদৰ মৰ্যাদা ৰক্ষা কৰক আদি শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদস্থলীত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন কৰাত বিৰোধীৰ ১৪২ গৰাকীকৈ সাংসদক সদনৰ পৰা নিলম্বন কৰা হ'ল । অৰ্থাৎ এইখন চৰকাৰে ৰাইজৰ কথা শুনিবলৈ নিবিচাৰে । নিজৰ স্বাৰ্থৰ বাবে বিজেপিয়ে গণতন্ত্ৰ-সংবিধান নিঃশেষ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিশেষভাৱে সৰৱ হৈ পৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ । সাংসদক নিলম্বন কৰা ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি তেওঁ বিজেপিক সমালোচনাৰে থকা-সৰকা কৰে ।

লগতে পঢ়ক: সংসদৰ নিৰাপত্তা উলংঘনৰ মাষ্টাৰমাইণ্ড ললিত ঝাৰ জিম্মা ৫ জানুৱাৰীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.