বিশ্বমুখী হ’ব মাজুলীৰ ৰাস; মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:34 AM IST

thumbnail

মাজুলী, 29 নৱেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত মাজুলীৰ বিভিন্ন স্থানত ৰাস উপভোগ কৰে ৷ দিনৰ ভাগত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশাৰ ভাগত মাজুলীৰ কমলাবাৰীৰ মিলন সংঘ, গড়মূৰ সৰু সত্ৰ, ৰঙাচাহী, সোণাৰিআটি আৰু ফুলনিত ৰাস উপভোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ তপন গগৈ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন গাম আৰু বিধায়ক মানৱ ডেকাই । মাজুলীত ৰাস উপভোগ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, উত্তৰ কমলাবাৰীত ৰাসৰ সুন্দৰ ব্যৱস্থাপনা কৰিছে ৷ মানুহৰ মন ভক্তি ৰসেৰে পৰিপূৰ্ণ হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মাজুলীৰ মানুহৰ আধ্যাত্মিকতা, মাজুলীৰ মানুহৰ পৰিচয় এই ৰাসে বহন কৰি আহিছে । মাজুলীৰ ৰাস মহোৎসৱে এদিন বিশ্ব দৰবাৰত স্থান পাব ৷’’

লগতে পঢ়ক : মোৰ দিনত কোনো ধৰণৰ স্কেম নাই: ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.