Govt new project in Dibrugarh: ২৪ ডিচেম্বৰত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোটিটকীয়া প্ৰকল্প

By

Published : Dec 21, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sharma) ৰাজ্যখনক এখন বিকশিত ৰাজ্য তথা পাঁচখন ৰাজ্যৰ ভিতৰত গঢ়ি তোলাৰ বাবে বিকাশৰ এপষেকৰ অংশস্বৰূপে অহা ২৪ ডিচেম্বৰত ডিব্ৰুগড় জিলাত কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰিব (Govt new project in Dibrugarh) । ডিব্ৰুগড় জিলাৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৯৬৩.৪৮ কোটি টকা(Assam CM will inaugurate several projects in Dibrugarh) । এই প্ৰকল্পসমূহৰ ভিতৰত আছে দন্ত চিকিৎসালয়, নাহৰকটীয়া ষ্টেডিয়াম, দুলীয়াজান মিনি ষ্টেডিয়াম, মৰাণ মিনি ষ্টেডিয়াম, ডিব্ৰুগড় পলিটেকনিক ইত্যাদি । মঙলবাৰে এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই(State BJP spokesperson Subhash Dutta) সদৰি কৰে এই কথা । জিলাখনত ৰূপায়িত হ'বলগীয়া বৃহৎ প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.