Assam Assembly: এইবাৰ বিধানসভাৰ বিশেষ অধিৱেশন হ’ব কোকৰাঝাৰত

By

Published : Apr 6, 2023, 10:56 PM IST

thumbnail

গুৱাহাটী, 6 এপ্ৰিল: বিধানসভাৰ অধিৱেশন এতিয়া দিছপুৰতে সীমাবদ্ধ নাথাকে । এইবাৰৰ পৰা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ দৰে বিধানসভাৰ অধিৱেশন দিছপুৰৰ বাহিৰত অৰ্থাৎ অসমৰ‌ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে (Assam Assembly Budget session concludes) । 

বৃহস্পতিবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি ভাষণত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বিধানসভাৰ কাম কাজ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ‌ বাবে বিধানসভাৰ অধিৱেশন অসমৰ‌ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহাৰি দিছে। সেইমতে কোকৰাঝাৰত আগন্তুক বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰা‌ হ’ব (Assam Assembly will held in Kokrajhar)।  

লগতে অধ্যক্ষগৰাকীয়ে কয় যে, যোৱা ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা ১৪ দিনীয়া বাজেট অধিৱেশনত অসমৰ কেবাটাও গুৰুত্বপূৰ্ণ আৰু জ্বলন্ত বিষয়ৰ ওপৰত আলোচনা কৰা‌ হৈছে । বিধানসভাৰ অধিৱেশনৰ কেইদিনত ৮ খন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা‌ হয় । ইয়াৰে দুখন নতুন‌ বিধেয়ক । আকৌ ৩ খন বেচৰকাৰী বিধেয়ক বিবেচনাৰ‌ বাবে উত্থাপন কৰা‌ হৈছে ।  

উল্লেখযোগ্য যে এইবাৰ সদনত The Assam elementary and secondary school teacher regulation of posting and transfer (amendment bill ,2023) , The Assam science and technology University (amendment bill 2023), The Indian partnership (Assam amendment bill 2023) , The Assam real asset regulation amendment bill 2022 আদি বিধেয়ক গৃহীত কৰা‌ হয় ।  

মনকৰিবলীয়া যে, সদনত The Assam elementary and secondary school teacher regulation of posting and transfer amendment bill ,2023 সন্দৰ্ভত বিৰোধী দলে বিভিন্ন সংশোধনী প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও অধ্যক্ষই বহুমতৰ ভিত্তিত বিৰোধী দলৰ বিভিন্ন সংশোধনী প্ৰস্তাৱ নাকচ হয় । 

লগতে পঢ়ক: Assam Budget Session 2023 : কি কি বিতৰ্কই স্থান পালে বিধানসভাৰ অধিবেশনত ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.