ETV Bharat / state

Assam Budget Session 2023 : কি কি বিতৰ্কই স্থান পালে বিধানসভাৰ অধিবেশনত ?

author img

By

Published : Apr 6, 2023, 9:58 PM IST

Assam Budget Session 2023
কি কি বিতৰ্কই স্থান পালে বিধান সভাৰ অধিবেশন

১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে (Assam Assembly Budget session concludes)। এইবাৰ বিধানসভাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিভিন্ন বিষয়ে স্থান লাভ কৰে । শাসক-বিৰোধীৰ হুলস্থূলৰ বাবে বহুবাৰ সদন স্থগিত ৰাখিবলগীয়া হয় । কেইবাজনো বিধায়কক বহিষ্কাৰো কৰে অধ্যক্ষই ।

গুৱাহাটী,৬ এপ্ৰিল : এইবাৰ বিধানসভাৰ বাজেট অধিবেশনত কেইবাটাও বিষয়ে গুৰুত্ব লাভ কৰিলে (Assam Budget Session 2023)। কুকুৰ মাংস বিতৰ্ক, প্ৰশ্নকাকত ফাদিল, ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজকে ধৰি কেইবাটাও বিষয়ক লৈ শাসক-বিৰোধী উত্তাল হৈ থকা দেখা গ'ল বিধানসভাত । উত্তাৰ পৰিৱেশৰ মাজতে যোৱা ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা ১৪ দিনীয়া বিধানসভাৰ বাজেট অধিবেশনৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে সামৰণি পৰে (Assam Assembly Budget session concludes)।

বিধানসভাৰ এইকেইদিনৰ অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চৰ্চা লাভ কৰে । লগতে কেতবোৰ বিষয়ত শাসক-বিৰোধীৰ মাজত তৰ্ক যুদ্ধ হোৱাও দেখা যায় । যাৰ বাবে কেইবাদিনো সদনৰ মজিয়া শাসক-বিৰোধীৰ তৰ্ক যুদ্ধৰে উত্তাল হৈ পৰে । কেইবাটাও বিষয়ত বিৰোধীয়ে সদন ত্যাগ কৰে । সদনৰ নিয়ম ভংগ কৰাৰ বাবে বিৰোধীৰ কেইবাজনো বিধায়ক অধিবেশনৰ পৰা বহিষ্কাৰো হয় ।

বিধানসভা অধিবেশনৰ আৰম্ভণিতে কুকুৰৰ মাংস বিষয়টোকলৈ সদনৰ মজিয়া উত্তাল হৈ পৰে (Dog meat controversy)। ঠিক সেইদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা (HSLC question paper leaked), ৰাহুল গান্ধীৰ সাংসদ পদ‌ খাৰিজ (Rahul Gandhi disqualification issue), বিবিচিৰ তথ্যচিত্ৰ (BBC Modi documentary), অসম চুক্তি ৰূপায়ণ (Implementation of Assam Accord), মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ গুপ্তচৰৰ মন্তব্য, ভুৱা এনকাউণ্টাৰ (Fake encounter in Assam) আদি বিষয়ক লৈ সদনৰ‌ মজিয়া উত্তাল‌ হৈ পৰে ।

কুকুৰৰ মাংস বিতৰ্ক :

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি কৰা মন্তব্যক লৈ বিধানসভাৰ আৰম্ভণিৰ দিনা সদনৰ মজিয়া বিৰোধী দলে উত্তাল কৰে (Maharashtra MLA statement on dog meat)। উল্লেখ্য যে গুৱাহাটীত ৰাজআতিথ্য লৈ যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল, ‘‘অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।’’ কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছিল । পাছত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বিৰোধীৰ হেঁচাত পৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

প্ৰশ্নকাকত ফাদিল :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিনা সদনৰ মজিয়া উত্তাল হৈ পৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বাৰে বাৰে ফাদিল হোৱাক লৈ বিৰোধীয়ে চৰকাৰক বিভিন্ন প্ৰশ্ন কৰি সদনৰ মজিয়া উত্তাল কৰি তোলে । একাংশ বিধায়কে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী কৰে । সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ প্ৰশ্ন তোলে । সেই সকলোবোৰ স্পষ্ট কৰাৰ বাবে শিক্ষা মন্ত্ৰীক সংবাদমেল সম্বোধন কৰাৰ আহ্বান জনাইছিল ।

শিক্ষা মন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া আৰম্ভ কৰাৰ আগমুহূৰ্ততে কংগ্ৰেছৰ বিধায়ক কমালাক্ষ দে’ পুৰকায়স্থই সদনত প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনা সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজাৰ কথা উল্লেখ কৰাৰ লগে লগে সংসদীয় পৰিক্ৰমা বিভাগৰ‌ মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ বিধায়ক কমালাক্ষ দে’ পুৰকায়স্থক উভতি ধৰে । যাৰ‌ বাবে সদনত পুনৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (HSLC question paper leak issue in Assembly)।

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ :

কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত বিধানসভাৰ অধিৱেশনত কংগ্ৰেছ তথা বিৰোধী দলৰ বিধায়কসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Rahul Gandhi disqualification issue)। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সংবিধান সকলোৰে বাবে সমান‌ আৰু সকলোৱে ‌সংবিধান মানি চলিব লাগে বুলি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সভা স্থগিত প্ৰস্তাৱৰ বাবে অনুৰোধ জনায় । এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বিজৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীক ক'বলৈ অনুমতি দিছিল ।

মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ পাছতে বিৰোধী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ এষাৰ কথাক লৈ সদনৰ মজিয়া উত্তাল‌ কৰি তোলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ গৈ কংগ্ৰেছক আৰম্ভণিতে কৈছিল - "আপোনলোকে‌ কালিয়ে‌ বিধায়নী দলৰ সভাত সদনত হুলস্থূল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি সাজু হৈ আহিছে । এই কথাৰ মই আগতে খবৰ পাইছো । মুখ্যমন্ত্ৰীৰ এই কথাৰ স্পষ্টীকৰণ বিচাৰি বিৰোধী বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ হাতত পোষ্টাৰ লৈ অধ্যক্ষৰ সন্মুখত প্ৰতিবাদ‌ কৰে । মনকৰিবলগীয়া যে বিজেপিৰ বিধায়কসকলে বিৰোধীৰ লগত তৰ্কত লিপ্ত হৈ সদনৰ পৰিৱেশ উত্তাল‌ কৰি তোলে । অখিল গগৈ আৰু কমলাক্ষ দে' পুৰকায়স্থক ৫ এপ্ৰিললৈকে সদনৰ পৰা বহিষ্কাৰৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰীয়ে ।

বিধানসভাৰ অধ্যক্ষই বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক সেই দিনটোৰ বাবে বহিষ্কাৰ কৰে ৷ লগতে ২০ মিনিটৰ বাবে সদন স্থগিত কৰে । উল্লেখ্য যে কংগ্ৰেছ দলে পাছত মুখ্যমন্ত্ৰীয়ে বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি বিধানসভাৰ সচিবক পত্ৰ দিয়ে । পিছদিনা বিধানসভাত কংগ্ৰেছৰ বিধায়কসকলে ক'লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ।

বিবিচিৰ তথ্যচিত্ৰ :

বিবিচিৰ এখন তথ্যচিত্ৰকলৈ বিধানসভাৰ মজিয়া উত্তাল‌ হৈ পৰে (BBC documentary controversy)। বিবিচিৰ বিৰুদ্ধে বিধানসভাত শাসকীয় দলৰ বিধায়কে উত্থাপন কৰা সকল্প প্ৰস্তাৱক লৈ শাসক-বিৰোধীয়ে সদনত বাক বিতণ্ডা কৰে । উল্লেখ্য যে বিবিচিয়ে ২০০২ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰস্তুত কৰি প্ৰচাৰ কৰিছিল । ইয়াৰ বিৰুদ্ধে দেশৰ শাসকীয় দল বিজেপি জাঙুৰ খায় উঠে ।

এই তথ্যচিত্ৰখন দেশত নিষিদ্ধ কৰা দেখা যায় । মন কৰিবলগীয়া যে বিধানসভাত শাসকীয় দলৰ বিধায়ক ভূৱন পেগুৱে বিবিচিৰ তথ্যচিত্ৰখনক ভাৰতৰ বিৰুদ্ধে বিদেশী ষড়যন্ত্ৰ বুলি আখ্যা দি বিবিচিৰ বিৰুদ্ধে বিধানসভাত সংকল্প প্ৰস্তাৱ আগবঢ়াইছিল । এই বিষয়টো অসমৰ আৰু বিধানসভাৰ লগত জড়িত নহয় বুলি যুক্তি দি কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ, কমলাক্ষ দে' পুৰকায়স্থ আৰু চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সংকল্প প্ৰস্তাৱটো খাৰিজ কৰাৰ আহ্বান জনায় ।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক ভূৱন পেগুৱে বিবিচিৰ তথ্যচিত্ৰখনক ভাৰতৰ বিৰুদ্ধে বিদেশী ষড়যন্ত্ৰ বুলি আখ্যা দি বিবিচিৰ বিৰুদ্ধে বিধানসভাত আগবঢ়োৱা সংকল্প প্ৰস্তাৱটোক সমৰ্থন জনায় বক্তব্য ৰাখে । গতিকে বিবিচিৰ বিৰুদ্ধে বিধানসভাত আগবঢ়োৱা সংকল্প প্ৰস্তাৱটো গ্ৰহণযোগ্যতা আছে বুলি মুখ্যমন্ত্ৰীয়ে যুক্তি দিয়ে । বিধানসভাত বিৰোধীয়ে এই সংকল্প প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰাৰ‌‌ মাজতে বিধানসভাৰ অধ্যক্ষই প্ৰস্তাৱ গৃহীত হোৱা বুলি ঘোষণা কৰে ।

অসম চুক্তি ৰূপায়ণ :

বিধানসভা অধিবেশনৰ ত্ৰয়োদশ দিনা অসম চুক্তি ৰূপায়ণৰ বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ হয় । যাৰ ফলত সদনৰ মজিয়া উত্তাল হৈ পৰে । পাছত কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে । উল্লেখ্য যে অসম বিধানসভাৰ মজিয়াত প্ৰশ্নকাল ঘণ্টাত "অসম চুক্তি ৰূপায়ণ" সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অতুল বৰাক উদ্দেশ্যি কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছিল ।

মন্ত্ৰী অতুল বৰাৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ বিধায়কসকলে অসন্তুষ্টি প্ৰকাশ কৰে । লগতে কংগ্ৰেছৰ বিধায়কসকলৰ লগতে কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়াই "অসম চুক্তি ৰূপায়ণ" সন্দৰ্ভত বিভিন্ন প্ৰশ্ন কৰি মন্ত্ৰী অতুল বৰাক থকা সৰকা কৰে । মন্ত্ৰী অতুল বৰাই প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে কংগ্ৰেছৰ শাসনত অসম চুক্তি ৰূপায়ণ কিয় হোৱা নাছিল বুলি ওলোটাই প্ৰশ্ন কৰাত সদনৰ মজিয়া উত্তাল হৈ পৰে । অসম চুক্তি ৰূপায়ণৰ বিষয়কলৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ তৰ্ক যুদ্ধ হয় । পাছত কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে । উল্লেখ্য যে বিধানসভাত শাসকীয় পক্ষই বিৰোধী বিধায়কক বৈষম্য কৰা বুলি‌ বিধানসভাত গুৰুতৰ অভিযোগ উত্থাপন‌ কৰে চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ।

উল্লেখ্য যে সদনত নাৰী আৰু শিশু কল্যাণ বিভাগৰ বিপক্ষে কৰ্তন প্ৰস্তাৱ উত্থাপন কৰি যোৱা বৃহস্পতিবাৰে বিধানসভাত পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে শাসকীয় পক্ষৰ প্ৰতি এই গুৰুতৰ অভিযোগ কৰে । চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই কথা‌কৈ থকাৰ সময়তে সংসদীয়‌ পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বাধা দিয়ে । তাৰ পাছতে সদনত পীযুষ হাজৰীকা আৰু ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গৰজি উঠে মনোৰঞ্জন তালুকদাৰ ।‌ তাৰ‌ পাছত সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হয় ।‌ পাছত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল‌ মমিনে ৫ মিনিটৰ‌ বাবে সদনৰ কাম কাজ স্থগিত ৰাখে ।

মনকৰিবলীয়া যে, বিধানসভাৰ শেষৰ দিনা ৰাজ্যত আৰক্ষীৰ দ্বাৰা সংঘটিত হৈ থকা এনকাউণ্টাৰ সন্দৰ্ভতো সদনৰ‌ মজিয়া উত্তাল‌ হৈ পৰে । এনেদৰে বিভিন্ন বিতৰ্ক আৰু শাসক-বিৰোধীৰ বাক বিণ্ডাৰ মাজেৰে বিধানসভাৰ অধিবেশনৰ সামৰণি পৰে ।

লগতে পঢ়ক :President Droupodi Murmu Assam visit: অসমৰ ভূমিত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.