Assam Assembly Autumn Session : বিধানসভাত অখিল গগৈৰ প্ৰচণ্ড খং

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:22 PM IST

thumbnail

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন । সচৰাচৰ দেখাৰ দৰে এইবাৰৰ অধিবেশনতো অখিল গগৈক আক্ৰমণাত্মক ৰূপত দেখা যায় । বিভিন্ন  বিষয়ত চৰকাৰত তীব্ৰ আক্ৰমণ কৰে বিধায়ক অখিল গগৈয়ে । আনহাতে, মঙলবাৰে বিধানসভাত অখিল গগৈৰ প্ৰচণ্ড খং উঠে । খঙৰ ভমকত তেওঁ পাহৰি যায় বিধানসভাৰ মৰ্যাদাৰ কথা ।

উত্তৰ দিব নিদিয়াৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰে অখিল গগৈ । উল্লেখ্য যে মঙলবাৰে বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয়দিনা বিধায়ক অখিল গগৈয়ে মিছন আৰু ভিজন আকাৰে অসমত বছৰৰ সকলো‌ সময়তে খেতি কৰিব পৰা সন্দৰ্ভত বিধানসভাত সংকল্প প্ৰস্তাৱ উত্থাপন কৰে । বিধানসভাত কৃষি মন্ত্ৰী অতুল বৰাই এই প্ৰস্তাৱৰ উত্তৰ দিয়ে ।

পিছত বিধানসভাৰ উপাধ্যক্ষই প্ৰস্তাৱটোৰ উত্তৰ সন্দৰ্ভত অখিল গগৈৰ মত বিচাৰে । কৃষি মন্ত্ৰীৰ উত্তৰত অখিল‌ গগৈয়ে‌ অসন্তুষ্টি প্ৰকাশ কৰে । তেতিয়া শাসকীয় দলৰ এগৰাকী মন্ত্ৰীৰ কথাত অখিল‌ গগৈয়ে‌ খঙৰ ভমকত জ্বলি উঠে । অখিল গগৈয়ে কয়- "আপোনালোকে কেৱল হিন্দু-মুছলিম জানে, অলপ পঢ়া-শুনা কৰি আহিব লাগে । কেৱল মোক গালি পাৰি নাথাকিব ।" ইয়াকে লৈ‌ সদনৰ‌ মজিয়া কিছু সময়ৰ বাবে উত্তপ্ত হৈ‌ পৰে ।

লগতে পঢ়ক :Ranjeet Dass: ৰাজনৈতিক দলৰ প্ৰভাৱমুক্ত হ’ব গাঁও পঞ্চায়ত; মন্ত্রী ৰণজিৎ দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.