Tough Questions to BJP Govt: ওপৰৰ মহল এজন ব্যক্তি নে বিজেপিক নেতৃত্ব লৈ থকা গোটেই শক্তি বিজেপিক ৰাজহুৱা কৰাৰ দাবী

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:49 PM IST

thumbnail

গুৱাহাটী,২৮ আগষ্ট: বিজেপি অসমত ব্ৰেণ্ডিং ৰাজনৈতিক দল আছিল । দালালৰ পয়োভৰত অসমত এণ্ডিং ৰাজনৈতিক দল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে ৷ এই মন্তব্য অসমীয়া যুৱ মঞ্চৰ । অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে সোমবাৰে এখন সম্বোধন কৰি কয় শাসকীয় দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

তেওঁ কয়, ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিচতে নিযুক্তিৰ কেলেংকাৰী পোহৰলৈ আহিছে । নিযুক্তি কেলেংকাৰীৰ মূল ব্যক্তিকেইজন নলবাৰীৰ । দালালকেইটাই প্ৰাৰ্থীৰ পৰা তিনি লাখকৈ টকাকৈ লৈ আঢ়ৈ লাভ টকা ওপৰৰ মহলক দিয়াৰ বিপৰীতে ৫০ হাজাৰকৈ টকা নিজে ৰখাৰ কথা স্বীকাৰ কৰিছে । 

এতিয়া প্ৰশ্ন হৈছে ওপৰ মহল কোন ? ওপৰৰ মালজনক সকলোৱে চিনি পাওঁ কিন্তু ওপৰৰ মহল কোন ? ওপৰৰ মহল কোনোবা এজন ব্যক্তি নে বিজেপিৰ নেতৃত্ব লৈ থকা গোটেই শক্তিটো, এই কথা বিজেপিয়ে ৰাজহুৱা কৰিব লাগে বুলি কয় অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

তেওঁ SI পৰীক্ষাৰ কেলেংকাৰীত জড়িত দালাল দ্বীবন ডেকা কোন বিজেপি নেতাৰ আশীৰ্বাদত পুনৰ দলৰ ডাঙৰ নেতা হ'ল বুলি প্ৰশ্ন কৰে ? তেওঁ লগতে SI কেলেংকাৰীত জড়িত দ্বীবন ডেকা কেনেকৈ বিজেপিৰ হিয়াৰ আমঠু হ’ল বুলিও প্ৰশ্ন কৰে । 

লগতে পঢ়ক: SI কাণ্ডঃ পোহৰলৈ আহিছে দিবন ডেকাৰ বহু কেলেংকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.