Protest in Tinsukia: প্ৰাপ্য়ৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:38 PM IST

thumbnail

তিনিচুকীয়া, ৩০ অক্টোবৰ: আশাকৰ্মী সকলে তেওঁলোকৰ ওপৰত ন্য়স্ত কৰা কাম নিষ্ঠাৰে পালন কৰি অহাৰ পাছতো উপযুক্ত পৰিতোষিকৰ লগতে অন্যান্য সুবিধা সমূহৰ পৰা বঞ্চিত হৈ আহিছে । বিগত ১৮ বছৰে এই অভিযানৰ বুনিয়াদ হিচাপে আশাকৰ্মী সকলে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱা পৰিপেক্ষিত অসমত গৰ্ভৱতী মাতৃ, শিশু মৃত্যু হাৰ, জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাৰ উপৰি অনান্য ৰোগো কিছু পৰিমানে প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পিচতো তেওঁলোকে উপযুক্ত মাননি লাভ কৰা নাই । ইয়াৰ প্ৰতিবাদতেই আজি তিনিচুকীয়া জিলা আশা কৰ্মী সকলে সাব্য়স্ত কৰিলে প্ৰতিবাদ ।

তিনিচুকীয়া জিলা আশাকৰ্মী সকলে এনএইচএমৰ দৰে আশাকৰ্মী সকলকো অতিশীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰা, আশাকৰ্মী সকলৰ মাননিৰ পৰিৱৰ্তে উপযুক্ত মজুৰি কমেও ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা,অতিৰিক্ত কাম সীমিত কৰা, উপযুক্ত সময়ত মজুৰি প্ৰদান কৰা আৰু অতি শীঘ্ৰে স্কুটী প্ৰদান কৰা আদি কেইবাটাও দাবীৰ সমৰ্থনত আজি তিনিচুকীয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে লগতে উক্ত দাবী সম্বলিত এক স্মাৰক পত্ৰ স্বাস্থ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Protest in Goalpara : গোৱালপাৰাত শিক্ষা স্বেচ্ছাসেৱক-সেৱিকা সন্থাৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.