ASHA Worker protest : ভোট বৰ্জনৰ হুংকাৰ ৰাজ্যৰ আশাকৰ্মীৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:31 PM IST

thumbnail

গুৱাহাটী, ১০ নৱেম্বৰ : আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল গুৱাহাটী । শুকুৰবাৰে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শ-শ আশাকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এনএইছএমৰ কৰ্মচাৰীসকলৰ দৰে আশাকৰ্মীসকলকো নিযুক্তি প্ৰদান কৰা, আশাকৰ্মীসকলক কামৰ অত্যধিক বোজাইৰ পৰা ৰেহাই দিয়া, উপযুক্ত সময়ত মজুৰি প্ৰদান কৰা, মজুৰি ১৫ হেজাৰ টকালৈ বৃদ্ধি কৰা, স্কুটি প্ৰদান কৰি কাম-কাজ কৰাত সহায় কৰি দিয়াৰ দৰে কেইবাটাও দাবী উত্থাপন কৰে সদৌ অসম আশাকৰ্মী সন্থাই ।

প্ৰতিবাদী কাৰ্যসূচীত ভিন্ন জিলাৰ প্ৰায় ২০০০ আশাকর্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদী আশাকর্মীসকলৰ অভিযোগ অনুসৰি তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই গৰ্ভৱতী মহিলা, নৱজাতক শিশুৰ মৃত্যুৰ হাৰ কমিছে । সেইদৰে জনসংখ্যাৰ বৃদ্ধিৰ হাৰো কমিছে । কিন্তু সামান্য মাননিৰ বিনিময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অত্যধিক কামৰ বোজাৰে তেওঁলোকৰ ওপৰত নির্যাতন চলাইছে বুলি অভিযোগ কৰে প্ৰতিবাদী আশাকৰ্মীসকলে ।

যদিহে শীঘ্ৰে চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেন্তে ২০২৪ৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে আশাকৰ্মীসকলে । লগতে অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি পালনৰো হুংকাৰ দিয়ে আশাকৰ্মীসকলে । প্ৰতিবাদৰ অন্তত সদৌ অসম আশাকর্মী সন্থাই প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্রীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Asha Karmi protest: মাননিৰ পৰিৱৰ্তে দৰমহা প্ৰদানৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.