Asha Karmi protest: মাননিৰ পৰিৱৰ্তে দৰমহা প্ৰদানৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:06 PM IST

thumbnail

মৰিগাঁও, 10 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শুকুৰবাৰে মৰিগাঁও জিলা আশা কৰ্মী সন্থাৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আশা কৰ্মীসকলক মাননিৰ পৰিৱৰ্তে 15 হাজাৰ টকাকৈ দৰমহা আদায় দিয়াৰ দাবীত মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ পৰা মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল কৰি অহা আশা কৰ্মীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। 

মৰিগাঁও জিলা আশা কৰ্মী সন্থাৰ সভানেত্ৰী, সম্পাদিকাই দাবী উত্থাপন কৰি কয় যে, আশাকৰ্মীসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আন কৰ্মচাৰীসকলৰ দৰে সমমৰ্যাদা প্ৰদান কৰিব লাগে। তেওঁলোকৰ কামৰ সময়সীমা নিৰ্ধাৰণ কৰিব লাগে , অতিৰিক্ত কামৰ পৰা ৰেহাই দিব লাগে, ইয়াৰ লগতে মাননিৰ পৰিৱৰ্তে আশা কৰ্মীসকলক মাহিলী দৰমহা 15,0000 টকাৰৈ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে পঢ়ক : Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.