Road accident in Lakhimpur: আনন্দ মিশ্ৰৰ কনভয়ত খুন্দিয়ালে অৰুণাচলৰ স্বাস্থ্য মন্ত্ৰীৰ বাহনে

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:24 PM IST

thumbnail

বিহপুৰীয়া, ১৮ ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ লালুকত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত পতিত হৈছে অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাং । উল্লেখ্য় যে, জিলাখনৰ লালুকৰ পুখুৰীয়াত লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কনভয় অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতেই কনভয়টোত খুন্দিয়ালে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ বাহনখনে । আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দা মাৰে মন্ত্ৰীৰ বাহনে ৷

উল্লেখ্য় যে, AR 01 L 0028 নম্বৰৰ বিলাসী বাহনখনেৰে গৈ আছিল অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং । তেওঁৰ বাহনখন দুৰ্ঘটনাত পতিত হয় যদিও কথমপি প্ৰাণৰক্ষা পৰে অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ । মন্ত্ৰীগৰাকীয়ে পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । 

লগতে পঢ়ক: PM Vishwakarma Scheme: পি এম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰৰ পৰা ভাৰ্চুৱেলি অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.