Health Insurance to Govt employees: চৰকাৰী দৰমহা লাভ কৰা কৰ্মচাৰীয়ে পাব সীমাহীন স্বাস্থ্য বীমা

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 3:35 PM IST

thumbnail

কলিয়াবৰ,৬ নৱেম্বৰ: কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ বৃহৎ ঘোষণা । চৰকাৰী দৰমহা পোৱা প্ৰতিজন কৰ্মচাৰীয়ে লাভ কৰিব স্বাস্থ্য বীমাৰ সুবিধা । মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে শিক্ষক-কৰ্মচাৰীসকলে সীমাহীন স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।  

দেওবাৰে কলিয়াবৰৰ শিলঘাটত অনুষ্ঠিত নগাঁও জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৪৮ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । সকলো চৰকাৰী আৰু বেচৰকাৰী এমপেনেল চিকিৎসালয়ত এই স্বাস্থ্য বীমাৰ সুবিধা উপলব্ধ হ'ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।  

শিলঘাটৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিৱেশনখনৰ মুকলি সভাত ৰাজ্যৰ এগৰাকী সুবক্তা হৃষিকেশ গোস্বামীয়ো উপস্থিত থাকি শিক্ষক-কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক, আয়ুক্ত, আৰক্ষী অধীক্ষকে যেনেদৰে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা লাভ কৰে অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে সমভাৱে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য বীমা । চৰকাৰী দৰমহা পোৱা প্ৰতিজন কৰ্মচাৰীয়ে লাভ কৰিব এই সেৱা ।  

লগতে পঢ়ক: Opposition Unity Forum: হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.