Anganwadi Workers protest : সবকা সাথ, সব কা বিকাশ নীতিক লৈ প্ৰশ্ন চৰাইদেউৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:36 PM IST

thumbnail

মৰাণ, 13 অক্টোবৰ : কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত ১০দিনে অচল চৰাইদেউৰ অংগনৱাড়ী কেন্দ্ৰত ৷ চৰকাৰে এক প্ৰকাৰে চমক সৃষ্টি কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও এতিয়া কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা কর্মী-সহায়িকাই নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে ৷  

চৰাইদেউ জিলাৰ শ শ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই দহ দিনে নিজৰ দাবী পূৰণৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ শুকুৰবাৰেও চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে অংগনৱাড়ী কেন্দ্ৰ সমূহ ৷

কিন্তু চৰকাৰে এই প্ৰতিবাদক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰী সকলে ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে সবকা সাথ, সব কা বিকাশ নীতিৰ কথা কৈ থকাৰ সময়ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷

উল্লেখযোগ্য যে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক মাননিৰ সলনি মজুৰি, অংগনবাডী কৰ্মীক ১২,০০০ টকা আৰু সহায়িকাক ১০,০০০ টকা প্ৰদান, গ্ৰেছুইটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী তথা সহায়িকা সকলক এককালীন সাহাৰ্য ২০ অক্টোবৰ ২০২৩ৰ ভিতৰত প্ৰদান কৰাৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ 

লগতে পঢ়ক : Protest in Goalpara : মাননি নহয় মজুৰিহে লাগে অংগনৱাড়ী কৰ্মী-সহায়িকাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.