Mid Day Meal in Kalgasia: মধ্যাহ্ন ভোজনৰ নামত শিক্ষাৰ্থীক খুৱালে পচা চাউলৰ খিচিৰি

By

Published : Feb 23, 2023, 4:49 PM IST

thumbnail

জনীয়া, ২৩ ফেব্ৰুৱাৰী: ৰাজ্যত সময়ে সময়ে মধ্যাহ্ন ভোজনৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Allegation of scam in Mid Day Meal) ৷ এইবাৰ এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে বৰপেটা জিলাত ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ ১৬৮২ নং উত্তৰ ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিকৃষ্ট কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে (Allegation of scam against Headmaster in Kalgasia)। প্ৰধান শিক্ষকজনে মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক পচা চাউলৰ খিচিৰি খুউৱাৰ অভিযোগ উত্থাপিত হৈছে ।  

জিলাখনৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬৮২ নং উত্তৰ ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনাল হক দেৱানে মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুৱালে পচা চাউলৰ খিচিৰি (Damaged rice in Mid day Meal at Kalgasia)। নিগনিৰ বিষ্ঠাযুক্ত চাউলৰ খিচিৰি বনাই বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ দিয়াক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । প্ৰধান শিক্ষক আয়নাল হক দেৱানে মধ্যাহ্ন ভোজনৰ অধিকাংশ চাউল আত্মসাৎ কৰাৰ লগতে বিদ্যালয়ত জমা কৰি ৰখা খাদ্যৰ অনুপযোগী চাউল ৰান্ধি ছাত্ৰ-ছাত্ৰী সকলক খাবলৈ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে (Protest in North Rampur Girls Primary School)।

ইপিনে,প্ৰধান শিক্ষকে পৰিচালনা কমিটীক অন্ধকাৰত ৰাখি পচা চাউল ৰান্ধি ছাত্ৰ-ছাত্ৰীসকলক খাবলৈ দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে । অখাদ্য খাই বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী অসুস্থ হ'লে তাৰ বাবে কোনে দায়ী হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে ক্ষুব্ধ অভিভাৱকসকলে । এই ক্ষেত্ৰত ৰূপসী শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক তদন্ত কৰি ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ  ৰাইজে দাবী জনাইছে । উল্লেখ্য যে, প্ৰধান শিক্ষকজনে চৰকাৰী নিৰ্দেশ অমান্য কৰি দীৰ্ঘ দিন ধৰি মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ অভিভাৱকসকলে ৷  

লগতে পঢ়ক:Meeting on flood preparation in Nagaon: ২০২৩ বৰ্ষৰ বান পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.