Protest in Dhemaji:নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প বন্ধৰ দাবীত উত্তাল ধেমাজি

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 3:35 PM IST

thumbnail

ধেমাজি, ২ ছেপ্টেম্বৰ: নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বন্ধৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল জাতীয়তাবাদী যুৱ পৰিষদ ৷ ভয়ংকৰ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত শনিবাৰে প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি ৷ ধেমাজি জিলা সমিতিৰ সহযোগত সংগঠনটোৱে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত ৰূপায়ণ কৰে দুঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷  প্ৰখৰ ৰ'দকো নেওচি ধৰ্মঘটৰ সময়ত প্ৰতিবাদী কৰ্মীয়ে এন এইচ পি চি বন্ধ কৰক, নিৰ্মাণ কাৰ্য বন্ধ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায়, NHPC গ' বেক, বিজেপি চৰকাৰ হায় হায় ইত্যাদি প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে অসম অৰুণাচল সীমান্তৰ গেৰুকামুখত নিৰ্মীয়মাণ ২০০০ মেগাৱট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পটোৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । NHPC ই অহা ২০২৪ৰ শেষৰ ফালে বিদ্যুত উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু প্ৰতি বছৰে বাৰিষা সময়ত NHPC ত এটাৰ পিছত আনটো ঘটনা সংঘটিত হৈ থকাক লৈ উদ্বিগ্ন হৈ পৰিছে নামনিবাসী ৰাইজ ৷ জীৱন সম্পত্তি নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে ধেমাজিৰ লগতে লখিমপুৰবাসী ৷

লগতে পঢ়ক:Akhil Gogoi on Silsako eviction; শিলসাঁকোৰ উচ্ছেদ কাৰ্য খিলঞ্জীয়া বিৰোধী : অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.