কা বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত চৰাইদেউত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:12 PM IST

thumbnail

ডিব্ৰুগড়, 29 ডিচেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আন্দোলন, বন্ধ কাৰ্যসূচী নহ'লে কম দিনৰ ভিতৰতে অসম দেশৰ পাঁচ শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতে প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।

দুটাকৈ গুৰুত্বপূৰ্ণ দাবী পূৰণৰ বাবে চৰাইদেউৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । CAA বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰি কা বাতিল কৰি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীসকলৰ ।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই আহিছে । ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ এইদৰে প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ।

লগতে পঢ়ক: বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ অসহযোগ ধৰ্ণা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.