Protest in Jorhat: পথ নিৰ্মাণ তদাৰকী সন্থা NHIDCLৰ কাৰ্যালয় ঘেৰাও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Jun 17, 2023, 3:41 PM IST

thumbnail

যোৰহাট, 17 জুন: ৰাষ্ট্ৰীয় ঘাইপথত 7 ঘন্টাতে সংঘটিত হ’ল 22 টাকৈ পথ দুৰ্ঘটনা,পথ নিৰ্মাণ তদাৰকী সন্থা NHIDCLৰ কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ যোৰহাটৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ নামত মৰণফান্দ তৈয়াৰ কৰাৰ অভিযোগ পথ নিৰ্মাণ তদাৰকী সন্থাৰ বিৰুদ্ধে ৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ঘাইপথ প্ৰাধিকৰণ আৰু চুইটি নামৰ নিমাৰ্ণকাৰী প্ৰতিষ্ঠানটোৱে সৃষ্টি কৰা দ গাঁতত পৰি ইতিমধ্যে দুজনকৈ লোকে মৃত্যুক আকোঁৱালি ল'ব লগা হোৱাৰ লগতে কেবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো কুম্ভকৰ্ণ নিৰ্দ্ৰাত থকা NHIDCL আৰু জিলা প্ৰশাসন বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

শনিবাৰে যোৰহাটৰ চিৰতীয়া গাঁৱত থকা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু চুইটি নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ আসোঁৱাহ পূৰ্ণ কামৰ বাবে 7 ঘন্টাত 22 টাকৈ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদৰ উমান পাই কাৰ্যালয়ৰ পৰা পলায়ন কৰে NHIDCL ৰ বিষয়াই ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিশাৰ ভাগত যোৰহাট অজন্তা বাইপাছত নিৰ্মীয়মান ঘাইপথৰ প্ৰকাণ্ড গাঁতত পৰি মৃত্যুক আকোঁৱালি ল'ব লগা হ’ল যোৰহাটৰ গন্ধীয়া গাঁৱৰ প্ৰাঞ্জল প্ৰতীম বৰাই ৷ প্ৰাঞ্জলে কৰ্তব্য শেষ কৰি যোৰহাট নগৰৰ পৰা পুলিবৰৰ নজা গৃহ অভিমুখে গৈ থকাৰ সময়ত অজন্তা বাইপাছৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা হোৱা বাবে স্কুটী সহিতে এটা গাঁতত সোমাই পৰি বাগৰি পৰে আৰু বিপৰীত দিশৰ পৰা অহা ট্ৰাকে মহতিয়াই নিয়াত ঘটনাস্থলীতে যুৱকজনে মৃত্যুক আকোঁৱালি ল'ব লগা হয় ৷ 

লগতে পঢ়ক: Landslide in Guwahati : মহানগৰীৰ ধীৰেনপাৰাত ভূমিস্খলন, নিহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.