আলফা (স্বা)ক মুখামুখিকৈ আলোচনালৈ মতাৰ সময়তে হোৱা একাউণ্টাৰ সন্দেহজনক

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:01 PM IST

thumbnail

গুৱাহাটী, ২৫ ডিচেম্বৰ : আলফাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নিৰস্ত্ৰ অসমীয়া যুৱকক ভুৱা এনকাউণ্টাৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই । প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে । সভাপতি পলাশ চাংমায়ে কয়, ‘এই কাৰ্য সদায়েই গৰিহণাৰ যোগ্য ।’

তেওঁ লগতে কয়, ‘আলফা (স্বা)ক মুখামুখিকৈ আলোচনাৰ বাবে মতাৰ সময়তে এই এনকাউণ্টাৰ সন্দেহজনক । এনকাউন্টাৰ হোৱা যুৱক কেইজন আছিল চাকৰি হেৰুওৱা যুৱক । বন্দুক-বাৰুদেৰে সমাধান কৰিব নোৱাৰি এই সমস্যা । এইক্ষেত্ৰত ৰাজনৈতিক সমাধানৰহে প্ৰয়োজন । গ্ৰেপ্তাৰৰ পিচত এনকাউন্টাৰ লজ্জাজনক কথা । এই কাৰ্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দি আহিছো ।’ তেওঁ এই এনকাউণ্টাকবোৰক সম্পূৰ্ণৰূপে ভুৱা বুলি বিবেচিত কৰে ৷

লগতে পঢ়ক : কেবল সন্দেহৰ ওপৰতেই ৰাজ্যত চলিছে নেকি এনকাউণ্টাৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.