ONGC Chinamara : অভিযুক্ত ONGC বিষয়াক শাস্তি প্ৰদানৰ দাবীত উত্তাল যোৰহাট

By

Published : Feb 6, 2023, 10:15 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

যোৰহাট, 6 ফেব্ৰুৱাৰী : অ' এন জি চিৰ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা অসমীয়া যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে (Assamese girl abused by ONGC officer)৷ অ’ এন জি চিৰ বিষয়া পি মাথুৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ অ' এন জি চিৰ যোৰহাটৰ চিনামৰা কাৰ্যালয়ত কৰ্মৰত বিষয়াগৰাকীৰ বিৰুদ্ধে  প্ৰশিক্ষণৰত এগৰাকী অসমীয়া যুৱতীয়ে উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ ৷ এই সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে অ' এন জি চি চিনামৰাৰ মানৱ সম্পদ বিভাগৰ মুৰব্বীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷

উল্লেখ্য যে, অ’ এন জি চি চিনামৰা (ONGC Chinamara) কাৰ্যালয়ৰ অনা অসমীয়া বিষয়া মাথুৰে এগৰাকী অসমীয়া যুৱতীক নিজৰ ক্ষমতা বলত বলিয়ান হৈ দীৰ্ঘদিনে যৌন নিৰ্যাতন চলাই অহা অভিযোগ যুৱতীগৰাকীয়ে পত্ৰ আকাৰে ৰাজহুৱাকৈ ফাদিল কৰিছিল । যুৱতীকগৰাকীক নিৰ্যাতন চলোৱ কথা পত্ৰ আকাৰে মেইলৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থা, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনক অৱগত কৰোৱাইছিল । ফলত এম মাথুৰ (ONGC officer M Mathur) নামৰ বহিৰাগত অ’ এন জি চি বিষয়াগৰাকী কৰ্মকাণ্ডক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

বিভিন্ন দল-সংগঠনে চিনামৰা অ’ এন জি চি কাৰ্যালয়ৰ সন্মুখত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰি দোষী বিষয়াজনক কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ দাবী জনায় । এগৰাকী অসমীয়া যুৱতী বহিৰাগত বিষয়াৰ দ্বাৰা নিৰ্যাতি হোৱা ঘটনাক অ’ এন জি চি কৰ্তৃপক্ষই ঢাকি ৰখাৰ চেষ্টাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

ঘটনাৰ উচিত তদন্তৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে সোমবাৰে চিনামৰা অ’ এন জি চি কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (Jorhat AJYCP protest against ONGC officer) ৷ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অ’ এন জি চিৰ বিষয়াগৰাকী বৰ্তমান বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তদন্তৰ সন্মুখীন হোৱা সম্ভৱনা অধিক ৷ আনহাতে থলুৱা লোক তথা যুৱতীসকলৰ নিৰাপত্তা বাবে বিশেষ আইনী ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়ক: Moina Nayak Discharged: সুদীৰ্ঘ 7 মাহৰ পাচত মৃত্যুক জিনি ঘৰলৈ উভতিল মইনা নায়ক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.