Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক অ-সাংবিধানিক আখ্যা এ আই ইউ ডি এফ ৰ

By

Published : Jun 23, 2023, 10:13 PM IST

thumbnail

হাইলাকান্দি,23 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ জ্বলিছে বৰাক ৷ শুকুৰবাৰে হাইলাকান্দিত এ আই ইউ ডি এফ দলৰ বিধায়ক আৰু দলীয় কৰ্মীৰ উপস্থিতি প্ৰতিবাদী সভা আৰু সংবাদমেল অনুষ্ঠিত হয় । সভাত বিধায়ক জাকিৰ হুছেইন লস্কৰ, সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰী উপস্থিত থাকে। 

সভাত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক অ-সাংবিধানিক আৰু অ-যুক্তিকৰ বুলি অভিহিত কৰে বিধায়ক সকলে । ইফালে সভাৰ শেষত বিধায়ক জাকিৰ হুছেইন লস্কৰ, সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰীৰ নেতৃত্বত গঠিত প্ৰতিবাদী দলটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

‘ৰাইজে বিচাৰিছে তিনিজন বিধায়ক, কিন্তু এটা সমষ্টি হলে কি হ’ব ! ৰাইজক উন্নয়ন লাগে ৷ আমাৰ হাইলাকান্দিত তিনিটা সমষ্টি লাগে, আমাক সমান অধিকাৰ লাগে ৷’ এই মন্তব্য AIUDF ৰ বিধায়কৰ ৷

লগতে পঢ়ক:Husband stabs wife:মৰাণ নগৰৰ মাজমজিয়াত স্বামীৰ দাৰ ঘাপত ধৰাশায়ী পত্নী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.