আমাক বৰপেটা সমষ্টি দিলে সহজতে জিকিম: ফণীভূষণ চৌধুৰী

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:39 PM IST

Updated : Jan 8, 2024, 1:51 PM IST

thumbnail

নলবাৰী, 8 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দলো ৷ বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰী দল হ’লেও অগপৰ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে দলটোৰ নেতাকৰ্মীসকল ৷ সেয়ে, সোমবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অসম গণ পৰিষদৰ বুথ সন্মিলন অনুষ্ঠিত হয় ৷  বৰপেটা লোকসভা সমষ্টিৰ ভিত্তিত নলবাৰীত অনুষ্ঠিত আজিৰ বুথ সন্মিলনখনত উপস্থিত থাকিব অগপৰ কাৰ্যকৰী সভাপতি অতুল বৰা, কেশৱ মহন্ত লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷

এই সন্দৰ্ভত বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয়, ‘‘দলটো শক্তিশালী কৰিবলৈ বৰপেটা লোকসভা সমষ্টিৰ বুথ সন্মিলন অনুষ্ঠিত কৰা হৈছে ৷ বৰপেটা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীত্ব দিয়াটো আমি বিচাৰিছো ৷ কিন্তু আলোচনা চলি আছে ৷ যদি আমাৰ দলৰ প্ৰাৰ্থীয়ে টিকট পাই তেতিয়া হ’লে আমি সহজতে জয়লাভ কৰিম ৷’’ আনহাতে অগপৰ পৰা কেইবাজনো লোকে প্ৰাৰ্থীত্ব বিচাৰি থকাৰ কথা উল্লেখ কৰি চৌধুৰীয়ে কয়, ‘‘ বৰ্তমানলৈকে 3-4 গৰাকী প্ৰাৰ্থীত্বৰ দাবীদাৰ ৷ কিন্তু কাক প্ৰাৰ্থিত্ব দিয়া হ‘ব সেয়া এতিয়াই ক’ব নোৱাৰি ৷’’

লগতে পঢ়ক : বন্যহস্তীৰ মুক্ত বিচৰণক লৈ নলবাৰীত 144 ধাৰা জাৰি

Last Updated : Jan 8, 2024, 1:51 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.