ETV Bharat / state

বন্যহস্তীৰ মুক্ত বিচৰণক লৈ নলবাৰীত 144 ধাৰা জাৰি

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 2:16 PM IST

Updated : Jan 7, 2024, 2:31 PM IST

Wild elephant Terror in Nalbari : বন্যহস্তীৰ বাবে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত জাৰি কৰিলে 144 ধাৰা ৷ হেল্পলাইন নম্বৰো মুকলি কৰিলে জিলা প্ৰশাসনে ৷

wild elephant terror in nalbari
বন্যহস্তীৰ মুক্ত বিচৰণক লৈ নলবাৰীত জিলা প্ৰশাসনৰ 144 জাৰি

নলবাৰী, 7 জানুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বন্যস্তীয়ে উপদ্ৰৱ চলাই আহিছে ৷ শেহতীয়াকৈ নলবাৰী জিলাৰ উত্তৰ প্ৰান্তৰ 20 খনৰো অধিক গাঁৱত বিগত কেইবামাহ ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷

শনিবাৰে বৰখানাজানত বন্য হস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কেইবাটাও ঘৰ ভঙাৰ উপৰিও ঘগ্ৰাপাৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মুক্ত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছিল ৷ লগতে বন্যহস্তীয়ে ভাঙিছিল জিৰণী ৰিজৰ্টৰ গেট ৷ ফলত সমগ্ৰ অঞ্চলটোত শনিবাৰৰ পৰা আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ আছে ৷ যাৰ বাবে জিলা প্ৰশাসনে কিছু নিৰ্দেশনা জাৰি কৰিছে অঞ্চলসমুহত ৷ জিলা প্ৰশাসনে পত্ৰ যোগে বন্যহস্তীৰ বিচৰণক লৈ ঘগ্ৰাপাৰত জাৰি কৰিলে 144 ধাৰা ৷ লগতে বাহনৰ গতিবেগ আৰু হেল্পলাইন নম্বৰো মুকলি কৰে প্ৰশাসনে ৷ হাতীৰ গালৈ ফটকা বা জুই নিক্ষেপ নকৰিব, মোবাইলৰ পোহৰেৰ হাতী চাবলৈ বা খেদিবলৈ চেষ্টা নকৰিবলৈ জাননীখনত উল্লেখ কৰিছে ৷

বন্যহস্তী প্ৰত্যক্ষ কৰিলে বন সংমণ্ডল বিষয়াৰ নম্বৰ 94015-92905, বনাঞ্চলিক বিষয়াৰ নম্বৰ 7896337658 অথবা জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 03628-220219 ত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ৷

উল্লেখ্য যে, মঙলবাৰে জিলাখনৰ শ্ৰীপুৰ নীলপুৰত চন্দ্ৰধৰ কলিতা নামৰ লোকজনৰ ঘৰত বন্যহস্তীৰ জাকটো প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভগাৰ লগতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছিল পশুধনৰো ৷ শুকুৰবাবেও জিলাখনৰ বৰখানাজান গাঁৱতো বনৰীয়া হাতীয়ে অনিষ্ট কৰে ঘৰবাৰী ৷ ইফালে বন্যহস্তীৰ জাকটোক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ উল্লেখ্য যে, বাঘৰ মুক্ত বিচৰনক লৈ নগাঁৱৰ ননৈতো জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছিল ৷

লগতে পঢ়ক : নলবাৰীত বন্যহস্তীয়ে ভাঙিলে অকলশৰীয়া বৃদ্ধাৰ বাসগৃহ

Last Updated : Jan 7, 2024, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.