Manikpur News: মাণিকপুৰবাসীৰ লগত আছো আৰু ভবিষ্যতলৈকে থাকিম, অগপৰ স্থিতি স্পষ্ট !

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:12 PM IST

thumbnail

মাণিকপুৰ, 30 আগষ্ট: বুধবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত সমষ্টি পুণৰ নিৰ্ধাৰণ আৰু সৃজনগ্ৰামক নতুন উপ-জিলা হিচাপে ঘোষণাক লৈ অসম গণ পৰিষদৰ সংবাদ মেল । এই সংবাদমেলত অগপৰ বিধান পৰিষদৰ সম্পাদক হেম ৰায়, কেন্দ্ৰীয় সদস্য প্ৰমোদ ৰায় আৰু জ্যেষ্ঠ নেতা নাছিৰ উদ্দিন আহমেদে উপস্থিত আছিল ৷  

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সৃজনগ্ৰামৰ নতুন উপ-জিলাক লৈ মাণিকপুৰৰ একাংশ ব্যক্তিয়ে অগপৰ বিৰুদ্ধে ৰাইজৰ মাজত অপপ্ৰচাৰ কৰি আছে ৷ মাণিকপুৰ সমষ্টি আৰু উপ-জিলা ঘোষণাৰ সন্দৰ্ভত মাণিকপুৰক বঞ্চিত কৰাৰ আঁৰত অগপ দলৰ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ হস্তক্ষেপ আছে বুলি প্ৰচাৰ কৰিছে একাংশ লোকে । এই সংক্ৰান্তত অগপ দলৰ কৰ্মীয়ে স্থিতি স্পষ্ট কৰি কয় যে, আমি অগপ দলে উন্নয়নৰ স্বাৰ্থত মাণিকপুৰৰ লগত আছো আৰু ভবিষ্যতলৈকে থাকিম । 

লগতে পঢ়ক:Congress meeting in Bongaigaon : বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্য়া ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.