গেৰুৱামুখৰ দুই ছাত্ৰৰ সাফল্যত উৎফুল্লিত গাঁওবাসী

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:46 PM IST

thumbnail

নগাঁও,১৮ জানুৱাৰী: নগাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ দুই মেধাবী ছাত্ৰই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ তথা চামগুৰি সমষ্টিৰ এখন ভিতৰুৱা গাঁও হৈছে গেৰুৱামুখ গাঁও । কিন্তু ভিতৰুৱা গাঁওখন যেন হঠাৎ উজলি উঠিল সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ পিছতেই ।  

বুধবাৰে সন্ধিয়া ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত স্থান লাভ কৰিবলৈ সক্ষম হ'ল দুই মেধাবী ছাত্ৰ ৱাহিদুজ জামান আৰু মাছুদ ৰাজাই । গেৰুৱামুখ গাঁৱৰ ৱাহিদুজ জামানে অসম আৰক্ষী সেৱাৰ ১৯ নম্বৰ স্থান লাভ কৰাৰ লগতে মাছুদ ৰাজাই গাননিক বিষয়া হিচাপে ১১২ নম্বৰ স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলবলৈ সক্ষম হৈছে । দুই ছাত্ৰৰ সাফল্যক লৈ উৎফুল্লিত গাঁওবাসী । দুয়োগৰাকী ছাত্ৰৰ বাসগৃহত উপস্থিত হৈ দুয়োকে জনায় উষ্ম আদৰণি । 

লগতে পঢ়ক: APSC পৰীক্ষাৰ ফলাফল; চৰকাৰক ধন্যবাদ কৃতি শিক্ষাৰ্থীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.