Accident in Bogibeel Bridge: মেজিক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেবাজনো

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 12:37 PM IST

thumbnail

জোনাই/ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগড়ৰ বগীবিল দলঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । বালি ভৰ্তি ডাম্পাৰ আৰু যাত্ৰী কঢ়িওৱা মেজিক বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় । ইয়াৰ ফলত থিতাতে এজন নিহত হোৱাৰ লগতে কেবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত আঘাতপ্ৰাপ্তসকলক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । 

যাত্ৰী কঢ়িয়াই অনা মেজিক বাহনখন ধেমাজিৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা সময়ত বগীবিল দলঙত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । ঘটনাৰ সময়ত যাত্ৰা কৰি থকা আন কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । দুঘৰ্টনাত থিতাতে মৃত ব্যক্তিজন বগীবিলৰ তৰুণ কুলি বুলি জানিব পৰা গৈছে । 

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । 

লগতে পঢ়ক: Assamese people killed:কেৰালাৰ কোম্পানীত নিয়োজিত অসমীয়া যুৱকক হত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.