Lafikul Islam Ahmed Murder:লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদান দাবী এবিএমছুৰ

By

Published : Aug 1, 2023, 9:08 PM IST

thumbnail

ৰৌতা, ১ আগষ্ট : শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীৰ কঠোৰতম শাস্তিৰ দাবী এবিএমছুৰ । হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ এবিএমছুৰ । বিটিচি চৰকাৰ, অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি এবিএমছুৰ । ২০১৭ বৰ্ষৰ ১ আগষ্ট তাৰিখে কোকৰাঝাৰৰ মাজমজিয়াত দিন দুপৰীয়াতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক । ছাত্ৰ নেতাজনৰ সেই হত্যাকাণ্ডৰ পিচতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অসম চৰকাৰে সেই সময়তে তদন্তও ঘোষণা কৰিছিল যদিও আজি ছয় বছৰ উকলি যোৱাৰ পিচতো এতিয়ালৈ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই । আনকি হত্যাকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা নাই । এই লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৱে ৷

মঙলবাৰে ওদালগুৰি জিলাৰ ৰৌতাৰ ২ নং মাধৱগোহাঁইত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ স্মৃতিত ষষ্ঠ ছাত্ৰ সংহতি দিৱস উদযাপন কৰা হয় । অনুষ্ঠানটো নেতাজনৰ হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে । ছাত্ৰ সংগঠনটোৰ কৰ্মী সকলে প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰক, আমাক ন্যায় লাগিবই, বিজেপি চৰকাৰৰ হায়-হায়, প্ৰমোদ বড়ো মুৰ্দাবাদ, প্ৰমোদ বড়ো হুঁচিয়াৰ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে । ছাত্ৰ নেতাজনৰ হত্যাকাৰী যদি বাচি থকা নাই তথাপিও হত্যাকাৰীৰ নৰ-কংকাল, হাড়া-মুড়া হ’লেও উলিয়াই আনিবলৈ হুংকাৰ প্ৰদান কৰে জিলা সভাপতি জিয়াৰুল হকে । দুৰ্বৃত্তক কৰায়ত্ত নকৰালৈকে এবিএমছু ক্ষান্ত নাথাকে বুলিও হুংকাৰ ছাত্ৰ সংগঠনটোৰ ।

লগতে পঢ়ক : Pranab Saikia Death Case:প্ৰণৱ শইকীয়াৰ হত্যাকাৰীৰ বাসগৃহ উচ্ছেদৰ দাবী ৰঙাজান মুছলমান সমাজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.