AASU Protest in Nalbari: নিলম্বিত বিমান ৰয়ক গ্ৰেপ্তাৰৰ দাবীত ঘগ্ৰাপাৰ থানা ঘেৰাও নলবাৰী ছাত্ৰ সন্থাৰ

By

Published : Jul 2, 2023, 4:51 PM IST

thumbnail

নলবাৰী,2 জুলাই: ঘগ্ৰাপাৰা কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন । দেওবাৰে ঘগ্ৰাপাৰ থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলা ছাত্র সন্থাই ৷ ঘটনাৰ ৪৮ ঘন্টাৰ পিচতো ঘগ্ৰাপাৰ থানাৰ নিলম্বিত আৰক্ষী বিমান ৰয়ৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ৷ ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিলম্বিত আৰক্ষী বিমান ৰয়ৰ সন্ধান দিওঁতাক পুৰষ্কৃত কৰাৰ কথা ঘোষণা কৰিছিল ৷ 

কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাতক নিলম্বিত আৰক্ষী বিমান ৰয়ক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টো অতি সন্দেহজনক আৰু আৰক্ষীৰ চূড়ান্ত গাফিলতি আখ্যা দিছে প্ৰতিবাদকাৰীসকলে ৷ দেওবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহযোগত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘগ্ৰাপাৰ থানাৰ সম্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে শীঘ্ৰে নিলম্বিত OC বিমান ৰয়ক আটক কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক:Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.