Protest in Guwahati: আছুৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী

By

Published : Mar 14, 2023, 8:03 PM IST

thumbnail

গুৱাহাটী, ১৪ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী (AASU protest in Guwahati)। চানমাৰিত সংগঠনটোৰ শতাধিক কৰ্মীয়ে ছেবাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ। ছেবা গ' বেক, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক,অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায় ধ্বনিৰে হাতে হাতে প্লেকাৰ্ড লৈ চানমাৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে (HSLC Science paper leak) ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে (AASU protest at Chandmari)৷ পুত্তলিকা ফাঁচি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰিবলৈ আছুৰ প্ৰতিবাদকাৰীসকলে দাবী জনায় । নৈতিক দায়িত্ব স্বীকাৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অধ্যক্ষ ৰমেশ জৈনৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় সংগঠনটোৱে ।

উল্লেখ্য যে, লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক বিপাঙত পেলাই মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে ফাদিল হোৱাক হৈ ৰাজ্যজুৰি দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । ছেবাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । সোমবাৰৰ পৰা ছেবাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দল-সংগঠনে ।

লগতে পঢ়ক:Teacher detained in Jorhat: প্ৰশ্ন কাকত ভাইৰেল তথা ধনৰ লেনদেনৰ অভিযোগত আটক শিক্ষক  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.