Teacher detained in Jorhat: প্ৰশ্ন কাকত ভাইৰেল তথা ধনৰ লেনদেনৰ অভিযোগত আটক শিক্ষক

author img

By

Published : Mar 14, 2023, 5:06 PM IST

Teacher detained for spreading fake news of proper leak in Jorhat

হোৱাই নোহোৱাই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা বিজ্ঞান বিষয়ৰ শিক্ষক বিকি ডোল্লাক আটক কৰে যোৰহাট আৰক্ষীয়ে (Teacher detained in Jorhat) ৷

প্ৰশ্ন কাকত ভাইৰেল আৰু ধন লেনদেনৰ অভিযোগ উত্থাপন কৰি আটক শিক্ষক

যোৰহাট, 14 মাৰ্চ : ৰাজ্যত মেট্ৰিকৰ প্ৰশ্নৰ ক’লা বজাৰ ৷ পৰীক্ষাৰ পূৰ্বেই ম’বাইলে ম’বাইলে ভাইৰেল হৈছে প্ৰশ্নকাকত ৷ ইয়াৰ সমান্তৰালকৈ এতিয়া হোৱাটছ এপত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ৷ সোমবাৰে তিতাবৰ প্ৰাগজ্যোতিকা নামৰ ৰাজ্যৰ এখন আগশাৰী শিক্ষানুষ্ঠানৰ বিকি ডোল্লা নামৰ এগৰাকী বিজ্ঞান শিক্ষকে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি তথ্য পোহৰলৈ আনিছিল । বিজ্ঞান শিক্ষক বিকি ডোল্লাই প্ৰশ্নকাকত প্ৰদান কৰা দুটা হোৱাটছ এপ্প নম্বৰ ৰাজহুৱা কৰাৰ পিচতে ৰাজ্যজুৰি তোলপাৰ লাগিছিল (Teacher complaint on paper leaked) ৷

বিজ্ঞান শিক্ষক বিকি ডোল্লাই উল্লেখ কৰা অনুসৰি উক্ত হোৱাটছ এপ্প নম্বৰ দুটাৰ পৰাই শিক্ষাৰ্থীলৈ মেছেজ আহিছিল পেপাৰ লাগিব নেকি বুলি ৷ লগতে মেছেজত উল্লেখ কৰা হৈছিল প্ৰশ্নৰ নম্বৰ অনুযায়ী নিৰ্ধাৰিত মূল্য ৷ 15 মাৰ্কৰ পেপাৰৰ বাবে 3000 টকা, সম্পূৰ্ণ পেপাৰ বাবে 15 হাজাৰৰ পৰা 20 হাজাৰ টকা ৷ এই মেছেজ লাভ কৰাৰ পিচতেই বহুসংখ্যক শিক্ষাৰ্থীয়ে প্ৰশ্নকাকত ক্ৰয় কৰাৰ অডিঅ’ ৰেকৰ্ডিং, ধনৰ লেনদেন হোৱা Google pay ৰ স্ক্ৰীন শ্ব’ট ৰ লগতে বিভিন্ন কথোপকথনৰ মেচেঞ্জাৰৰ স্ক্ৰীণ শ্ব’ট শিক্ষকগৰাকীয়ে সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল (HS exam question paper leaked) ৷

সোমবাৰে সংবাদ মাধ্যমৰ আগত কি দৰে প্ৰশ্নকাকত ফাদিল হৈছিল সেয়া সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছিল বিজ্ঞান শিক্ষকগৰাকীয়ে ৷ শিক্ষকগৰাকীৰ চাঞ্চল্যকৰ ভাষ্যই ৰাজ্যত প্ৰশ্নকাকত ফাদিল কৰাৰ নামত চলি থকা এখন ভয়ংকৰ বজাৰ চলি থকাৰ উমান দিছিল (Question paper leak issue in Assam) ৷

ইয়াৰ পিচতেই মঙলবাৰে যোৰহাট আৰক্ষীয়ে বিজ্ঞানৰ শিক্ষক বিকি ডোল্লাক আটক কৰি সোধা পোছা কৰে ৷ ইফালে আৰক্ষীৰ জেৰাত বিকি ডোল্লাই সামাজিক মাধ্যমত প্ৰদান কৰা তথ্যসমূহ সম্পূৰ্ণৰূপে মনেসজা আৰু ভুৱা বুলি সদৰী কৰিছে (Teacher detained in Jorhat) ৷

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক মোহন লাল মিনাই সংবাদমাধ্যমক সম্বোধি কয় যে, বিকি ডোল্লাই সদৰী কৰা অনুসৰি শিক্ষাৰ্থীক বিক্ৰী কৰা প্ৰশ্নসমূহ হাতে লিখা আছিল ৷ এই প্ৰশ্নসমূহ পৰীক্ষাত অহা প্ৰশ্নৰ লগত একেবাৰে মিলা নাছিল ৷ দ্বিতীয়তে শিক্ষকগৰাকীয়ে ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল (HS Chemistry question paper leak) ৷

তেওঁ লগতে কয়, ‘‘আমি তেওঁৰ মোবাইল ফোন পৰীক্ষা কৰিছিলো কিন্তু তেওঁৰ ফোনত তেনেকুৱা কোনো ধৰণৰ তথ্য নাপালো ৷ তেওঁৰ ওচৰত পুৰণি প্ৰশ্ন কাকতৰ এটা এডিচ কৰা স্ক্ৰীণ শ্ব’ট আছিল ৷ আৰক্ষীৰ জেৰাত তেওঁ নিজেই সদৰী কৰিছে যে তেনেকুৱাধৰণৰ প্ৰশ্ন কাকত ক্ৰয় কৰা হোৱা নাছিল ৷ শিক্ষাৰ্থীক ভুৱা প্ৰশ্নকাকত বিক্ৰী কৰা হৈছিল’’ ৷

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, ভুৱা তথ্যৰে সকলোকে বিপথে পৰিচালিত কৰাৰ বাবে বিজ্ঞান শিক্ষক বিকি ডোল্লাক আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ৷

স্মৰ্তব্য যে, শিক্ষকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল যে, কোনো অসাধু চক্ৰয়ে বিভিন্ন কৌশল অৱলম্বন কৰি মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰি সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাত কালিমা সানিছ ৷ কোনো এটা পৰীক্ষাই সম্পূৰ্ণ নিকা ব্যৱস্থাৰে হোৱা নাই ৷ শিক্ষক গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰাৰ পিচতেই হাহাকাৰ লাগিছিল ৷ শিক্ষক বিকি ডোল্লাই ভুৱা প্ৰচাৰ চলাই শিক্ষাৰ্থীৰ লগতে একাংশ লোকক বিপথে পৰিচালিত কৰিব বিচাৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : HSLC question paper leaked: ৰাজ্যত প্ৰশ্নকাকতৰ বজাৰ; এখন প্ৰশ্নকাকতৰ দাম 15-20 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.