AASU protest in Assam:তেজপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে আছুৱে

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:16 PM IST

Updated : Sep 25, 2023, 9:53 PM IST

thumbnail

তেজপুৰ, ২৫ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা ছাত্র সন্থাই আজি তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে । তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাই শিক্ষা বিভাগে শোণিতপুৰ জিলাৰ ১৬৪ খন চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় বিলুপ্তিকৰণ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।  

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক আছুই গৰিহণা দিয়াৰ লগতে এই সিদ্ধান্ত বাতিল কৰি চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ দাবী জনায় । প্ৰতিবাদকাৰীসকলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক অকৰ্মন্য় শিক্ষা মন্ত্ৰী বুলি উল্লেখ কৰি তেজপুৰ সদৰ থানাৰ কাষতে শিক্ষামন্ত্ৰী ডাঃ পেগুৰ পুতলিকা দাহ কৰে ।  

ইপিনে, জিলা ছাত্ৰ সন্থাই আজি তেজপুৰ সদৰ থানাত সন্থাৰ পৰা নিলম্বিত দিব্যজ্যোতি মেধিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । গোচৰ ৰুজু কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয় যে এইগৰাকী ছাত্ৰ সন্থাৰ পৰা নিলম্বিত নেতাই ছাত্র সন্থাৰ ভাবমূৰ্তি ম্লান কৰিবলৈ এক চক্ৰান্ত ৰচিছে । তেওঁ কয় যে ছাত্ৰ সন্থাক যি প্ৰত্যাহ্বান জনাইছে ছাত্র সন্থা সেই সকলো প্ৰত্যাহ্বান ল'বলৈ সাজু ।

লগতে পঢ়ক:Womens Reservation Bill 2023 : মোদী চৰকাৰৰ সোনকালে মহিলাৰ আসন সংৰক্ষণ নিশ্চিত কৰাৰ ইচ্ছা নাই; কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা 

Last Updated : Sep 25, 2023, 9:53 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.