ETV Bharat / state

Womens Reservation Bill 2023 : মোদী চৰকাৰৰ সোনকালে মহিলাৰ আসন সংৰক্ষণ নিশ্চিত কৰাৰ ইচ্ছা নাই; কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিং

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:19 PM IST

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিঙৰ গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত সংবাদমেল সম্বোধন ৷ ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চন বিধানসভা নির্বাচনত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ হ'ব লাগে বুলি দাবী কৰে তেওঁ ৷

Press Meet of Congress Spokesperson
গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত সংবাদমেল

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিঙৰ‌ সংবাদমেল

গুৱাহাটী, 25 ছেপ্টেম্বৰ : মহিলাৰ আসন সংৰক্ষণৰ ওপৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিঙে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিঙে সংবাদমেল সম্বোধন কৰি কয় যে কংগ্ৰেছৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সময়ৰ পৰাই, নব্বৈ দশকৰ পৰা মহিলা জনপ্রতিনিধিৰ বিষয়ত এটা জাগৰণ সৃষ্টি হৈছে ৷ ইতিমধ্যেই পঞ্চায়তত ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষিত হৈছে ৷

তেওঁ কয় যে নাৰী শক্তি বন্দন অধিনিয়মৰ জৰিয়তে লোকসভা আৰু বিধানসভাতো মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা হ’ব ৷ কিন্তু বিধানসভা আৰু লোকসভাত মহিলাৰ সংৰক্ষিত আসন কেতিয়া নিশ্চিত হ’ব, তাৰ কোনো নিশ্চয়তা নাই ৷ সেয়েহে দেশবাসীয়ে কিবা পালেও অনিশ্চয়তা ৰৈ গ'ল ৷ তেওঁ দাবী কৰি কয়, আমি বিচাৰোঁ ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চন বিধানসভা নির্বাচনত ৩৩ শতাংশ আসন সংৰক্ষণ হ'ব লাগে ৷ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ সোনকালে মহিলাৰ আসন সংৰক্ষণ নিশ্চিত কৰাৰ ইচ্ছা নাই ৷ অতি কৌশলেৰে গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে লোকপিয়ল আৰু সমষ্টি পুনৰ্নিৰ্দ্ধাৰণৰ পাছতহে কাৰ্যকৰী হ’ব মহিলা সংৰক্ষণ ‘আইন ৷

তেওঁ পুনৰ ‌কয় যে ২০২১ চনত লোকপিয়ল হ'ব লাগিছিল ৷ ক’ভিডৰ দোহাই দি সেইবছৰ পিয়ল কৰা নহ'ল ৷ অসমৰ ৬নং দফাৰ প্ৰতিবেদনৰ দৰে লোকপিয়ল কেতিয়া হ’ব, তাৰ নিশ্চয়তা নাই ৷ সমষ্টি পুনৰ্নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া ২০২৬ চন নে ২০২৮ চনত শেষ হ’ব, তাৰো নিশ্চয়তা নাই ৷ বিভিন্ন আইনী প্ৰক্ৰিয়াৰে গৈ ২০২৯ চনতো যে হ’ব ক'ব পৰা নাযায় ৷ তেওঁ কয় যে এনে ধৰণৰ বিষয়ৰপৰা বুজা গৈছে যে বিদেশৰপৰা ক'লা ধন অনা, ২ কোটি নিবনুৱাক সংস্থাপন, ১৬ মে'ৰ পাছত বিদেশী বিতাৰণ আদিৰ দৰে মহিলা সংৰক্ষণৰ নামত বিজেপি চৰকাৰে সমগ্ৰ ভাৰতবাসীক প্ৰতাৰণা কৰাৰহে সম্ভাৱনা আছে ৷ মহিলা সবলীকৰণৰ নামত ৰাজনীতিহে কৰা হৈছে‌ বুলি তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক : BPF Meets at Tangla : না NDA, না I.N.D.I.Aত ! চল চাই কঠিয়া পাৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.